Select Page

NIKE ৰ মালিকে এদিন ৰাস্তাৰ কাষত গাড়ী ডিগ্গীত জোতাৰ বেচাৰ কাহিনী/An inspirational journey of nike’s former CEO Phil Knight.

NIKE ৰ মালিকে এদিন ৰাস্তাৰ কাষত গাড়ী ডিগ্গীত জোতাৰ বেচাৰ কাহিনী/An inspirational journey of nike’s former CEO Phil Knight.

জীৱনত সচায় আপুনি যদি কিবা এটা কৰাৰ অভিপ্ৰায় মনত দৃঢ় ভাৱে বান্ধি লৈছে তেনেহলে কামটো কেতিয়া পৰা আৰম্ভ কৰিম সেই কথা ভাবিবলৈ বাদ দি আজি এই মুহুৰ্ত পৰাই এই কাহিনীটো পঢ়ি আৰম্ভ কৰি দিয়ক।

পৃথিৱীৰ এটা অন্যতম দামী জোতাৰ ব্ৰেণ্ড NIKE ৰ জনপ্ৰিয়তাৰ আঁৰত আছে এটা বৰ ৰোমাঞ্চকৰ কাহিনী।এদিন এজন যুৱকে মানুহে গাড়ীৰ ডিগীত ভৰাই আমেৰিকাৰ ৰাস্তাৰ কাষত,স্কুলৰ সন্মুখত বিক্ৰী কৰিছিল।হাতত পইচা নথকাৰ বাবে জোতাৰ শ্ব ৰোম খুলিব নোৱাৰা লৰাটোৱে ২ বছৰ লৈকে গাড়ীৰ পিছফালৰ ডিগীত জোতা বিক্ৰী কৰিছিল।এইদৰে গাড়ীতে বিক্ৰী কৰা জোতাৰ বেণ্ডটোৰ এদিন ব্ৰেণ্ড এম্বচেডাৰ হৈছিল মাইকেল জৰ্ডনৰ দৰে প্ৰসিদ্ধ বাছকেট বল খেলুৱৈ।সেই ব্ৰেণ্ডটো আজি ৰণাল্ডো,ৰাফেল নাডেলৰ দৰে বিশ্বৰ বিখ্যাত খেলুৱৈ সকলোৰো পচন্দৰ।সেই স্পৰ্টছ জোতা যোৰ হৈছে NIKE।যি NIKE আজি সকলোৰে প্ৰিয় স্পৰ্টছ জোতাৰ ব্ৰেণ্ড।

      ১৯৬২ চনত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত MBA কৰি থকা ফিলিপ নাইট নামৰ এটা লৰাৰ মনত আহিছিল এটা সৰু আইডিয়া।যিটো আইডিয়া সি পৰীক্ষাটো লিখিছিল আৰু পিছলৈ পৰীক্ষাত লিখা সৰু আইডিয়াটোকে এটা ডাঙৰ সপোনলৈ সলনি কৰি আজিৰ NIKE ব্ৰেণ্ডৰ জন্ম দিলে। MBA কৰি থাকোতে ফিল নাইটক এটা SMALL BUSSINESS AND MARKETING PLAN ৰ বিষয়ে এটা প্ৰকল্প প্ৰস্তুত কৰিবলৈ দিছিল।খেলৰ প্ৰতি ধাউতী থকা ফিলিপে জোতাৰ ব্য়ৱসায়ৰ ওপৰতে লিখিলে।পৰীক্ষাত সেই বিষয়ে লিখি থাকোতে ফিলিপৰ মনলৈ হঠা আহিল কম দামত ভাল কোৱালিটিৰি স্পৰ্টছ জোতা বনোৱাৰ ধাৰণা।

এই ধাৰণাটোকে সফল ৰূপ দিবলৈ ২৪ বছৰীয়া ফিলিপ নাইট অকলে যাত্ৰা আৰম্ভ কৰিলে জাপানলৈ।উল্লেখ্য যে সেই সময়ত adidas,puma ৰ দৰে বিখ্যাত ব্ৰেণ্ডবোৰে পৃথিৱীৰ বজাৰ দখল কৰিছিল।জাপানলৈ গৈ ফিলিপ নাইটে সন্ধান কৰিবলৈ ধৰিলে অতি কম দামত পোৱা ভাল কোৱালিটিৰ জোতা।২৪ বছৰীয়া ফিলিপ নাইটৰ পৰিকল্পনা আছিল যে সেই কম দামী জোতা বোৰ আনি তেওঁ আমেৰিকাত ব্যৱসায় কৰিব।কম দামী জোতা বিছাৰি অৱশেষত ফিলিপে বিছাৰি পালে ontisuka tiger নামৰ এটা সৰু কোম্পানীৰ জোতা।জোতা পালে যদিও কোম্পানীটোৱে এতিয়া অচিনাকী সৰু লৰাটোৰ লগত ব্যৱসায় কৰিব জানো?এই প্ৰশ্নৰ উদয় হল ফিলিপৰ মনত।তাৰ বাবে ফিলিপে এদিন ontisuka tiger কোম্পানীটোৰ মালিক লগ ধৰিলে।লগ ধৰি কলে তেওঁ ব্লু ৰিবন নামৰ কোম্পানীটোৰ মালিক।সেইহে তেওঁ এই কোম্পানীটোৰ জোতা নি বিক্ৰী কৰি ব্যৱসায় কৰাৰ প্ৰস্তাৱ লৈ আহিছে।তাৰ পিছত ফিলিপৰ প্ৰস্তাৱক সন্মতি জনায় ontisuka tiger কোম্পানীটোৰ মালিকে।কিন্তু ফিলিপে এই যে ব্লু ৰিবন নামৰ কোম্পানী এটাৰ নিজকে মালিক বুলি চিনাকী দিছিল সেইয়া আচলতে মিছা আছিল।সেই সময়ত পৃথিৱীত blue Ribbon বুলি কোনো কোম্পানীয়ে নাছিল।আছিল যদি কেৱল ফিলিপ নাইটৰ মন মগজুত হে আছিল।

      ontisuka tiger ৰ এজোৰ জোতাৰ নমুনা লৈ ফিলিপ উভতি আহে জাপানৰ পৰা।জাপানৰ পৰা উভতি আহি জোতাৰ ছেমপলটো ফিলিপে বিল বৰবন নামৰ এজন প্ৰশিক্ষক দেখায়।বিল বৰবন আছিল ফিলিপে পঢ়ি থকাৰ সময়ত পোৱা এজন খেলৰ প্ৰশিক্ষক।ফিলিপৰ আইডিয়াটো সেইদিনা বৰ ভাল পালে বৰবনে।আৰু তাৰ লগত সহযোগিতা কৰাৰ আশ্বাসো দিলে।তাৰ পিছত দুয়ো মিলি Blue Ribbon Sports নামৰ এটা কোম্পানী বনায় প্ৰথম বাৰলৈ জাপানৰ পৰা ontisuka tiger কোম্পানীৰ ৩০০ জোৰ জোতা অৰ্ডাৰ কৰে।জোতা বোৰ আনি ফিলিপে স্কুল,কলেজৰ সন্মুখত এখন সৰু গাড়ীৰ ডিগীত ভৰাই বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে।প্ৰথম বছৰতে ফিলিপে ১৩০০ জোৰ জোতা বিক্ৰী কৰে আৰু লাভ হয় ৮ হাজাৰ ডলাৰ।তাৰ পিছৰ বছৰত লাভ হয় ২০ হাজাৰ ডলাৰ।এইদৰে দুবছৰ গাড়ী ডিগীত জোতা বিক্ৰী কৰি এদিন কেলিফৰ্নিয়াত এটা শ্ব ৰোম খোলে ফিলিপে।তাৰ পিছত লাহে লাহে ব্যৱসায় সম্প্ৰসাৰণ হোৱাত ফিলিপে এদিন জাপানৰ ontisuka tiger নামৰ কোম্পানীটোৰ পৰা জোতা আনিবলৈ বাদ দি নিজে জোতা বনোৱাৰ কথা চিন্তা কৰিলে।তাৰ বাবে ফিলিপে কোম্পানীটোৰ নাম Blue Ribbon Sports ৰ পৰিবৰ্তে নাম ৰাখিলে NIKE। তাৰ পিছত লাহে লাহে নিজে জোতা বনায় আমেৰিকাৰ বজাৰ দখল কৰিবলৈ লয়।কেৱল জোতাই নহয় কাপোৰৰ ব্যৱসায়ো আৰম্ভ কৰিলে।লাহে লাহে বজাৰ দখল কৰি এদিন বিখ্য়াত বাস্কেট বল খেলুৱৈ মাইকেল জৰ্ডনে NIKE ব্ৰেণ্ডৰ ব্ৰেণ্ড এম্বেচেডাৰ  ৰূপে স্বাক্ষৰ কৰে।তাৰ পিছত আৰু আজি লৈকে পিছলৈ উভতি চোৱা নাই ফিলিপ নাইট নামৰ সৰু লৰাটোৱে এদিন গাড়ীৰ ডিগীত বিক্ৰী কৰা জোতাৰ ব্ৰেণ্ডটোৱে।ৰ’জাৰ ফেড্ৰাৰ,ৰণাল্ডো,ৰাফেল নাডেলৰ দৰে বিখ্যাত খেলুৱৈ সকলেও আজি পচণ্ড তথা পৰিধান কৰে NIKE ৰ ব্ৰেণ্ড।

       এদিন জাপানৰ পৰা জোতা আনি আমেৰিকাত বেচা সেই ফিল নাইটৰ আজিৰ দিনত সম্পত্তি হৈছে ৪০ মিলিয়ন ডলাৰ।

Recent Posts

Follow Better & Brighter