Select Page

Inspirational jurney of Google CEO Sundar Pichai/সুন্দৰ পিছাই GOOGLE ৰ হোৱা CEO কাহিনী…

Inspirational jurney of Google CEO Sundar Pichai/সুন্দৰ পিছাই GOOGLE ৰ হোৱা CEO কাহিনী…
   এটা মধ্যবিত্ত পৰিয়ালৰ পৰা এজন ভাৰতীয় কেনেকৈ হ'লগৈ GOOGLE ৰ CEO!ভাৰতীয় সকলেই আজিৰ পৃথিৱী খন চলায় আছে বুলি কলেও বহু দূৰলৈ ভুল কোৱা নহ'ব।ভাৰতীয় সকলৰ প্ৰতিভাৰ অবিহনে যেন বৰ্তমান টেকন'লজীৰ পৃথিৱীখন আধৰুৱা।মাইক্ৰছফ্টৰ(সত্য নাডেলা),গুগল,এড'ব(শান্তনু নাৰায়ণ),টুইটাৰ(প্ৰাক্তন পৰাগ আগৰৱাল) দৰে প্ৰতিষ্ঠান সমূহত ভাৰতীয় প্ৰতিভাৰ দপদপনিয়ে প্ৰমাণ কৰিছে এই কথা।ইয়াৰে আটাইতকৈ জনপ্ৰিয় ৱেব ব্ৰাউজাৰ GOOGLE ৰ CEO সুন্দৰ পিছাইৰ সফলতাৰ যাত্ৰা বৰ ৰোমাঞ্চকৰ।

তামিলনাডুৰ মাডুৰাইত থকা দুটা কোঠালীযুক্ত এটা সৰু ঘৰৰ পৰাই এদিন পৃথিৱী খনক হাতৰ মুঠিলৈ অনা সপোন দেখিছিল সৰু লৰা এটাই।সেই সপোন দেখা লৰাটো এতিয়া গুগলৰ CEO।নাম সুন্দৰ পিছাই।সুন্দৰৰ দেউতাক আছিল এজন অভিযন্তা।১২ বছৰ বয়সলৈকে সুন্দৰৰ ঘৰত নাছিল টিভি,টেলিফোন।১২ বছৰত বয়সত এদিন দেউতাকে এটা টেলিফোন আনিছিল ঘৰলৈ।টেকন’লজী ওপৰত ৰুচি থকা সুন্দৰে সেই টেলিফোনটো কিমান বাৰ যে খুলি মেলি নাচাইছিল তাৰ হিচাপ নাই।সুন্দৰৰ এটা ডাঙৰ গুণ আছিল যে তেঁও অতি সহজে টেলিফোনৰ সংখ্যাবোৰ মনত ৰাখিব পাৰিছিল।ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম অধ্যয়নৰ সিদ্ধান্ত লৈ জে ই ই উৰ্ত্তীণ হৈ অধ্যয়ন কৰে আই আই টি খড়গপুৰত।তাৰ পিছতে অধ্যয়নৰ বাবে স্কলাৰশ্বীপ লাভ কৰি যায় আমেৰিকাৰ ষ্টেনৰ্ফড বিশ্ববিদ্যালয়লৈ।তাৰ পিছতে কেইবাটাও প্ৰতিষ্ঠানত কৰ্মৰত হৈ অৱশেষ ২০০৪ চনত যোগদান কৰে GOOGLE ত

প্ৰথমে সুন্দৰে GOOGLE ৰ চাৰ্ছ টোল বাৰত এটা সৰু টিমৰ লগত কাম কৰিছিল।এনেতে সুন্দৰৰ মনলৈ আহিছিল এক নতুন ধাৰণা।সেইয়া আছিল GOOGLE নিজাববীয়াকৈ ৱেব বাউজাৰ নিৰ্মাণ কৰা।এই আইডিয়া লৈ এদিন সুন্দৰ পিছাই গৈছিল GOOGLE ৰ CEO ওচৰলৈ।কিন্তু সেই সময়ৰ CEO য়ে সুন্দৰ পিছাই সেই আইডিয়া নাকচ কৰিছিল অধিক খৰচ হোৱাৰ অজুহাত দেখুৱায়।কিন্তু আশা এৰা নাছিল সুন্দৰে।তাৰ পিছত সুন্দৰ পিছাই কাষ চাপিছিল GOOGLE ৰ Co-Founder ৰ।অৱশেষত GOOGLE ৰ Co-Founder ক মান্তি কৰি সুন্দৰে ডিজাইন কৰি উলিয়াইছিল GOOGLE ৰ নিজা ৱেব ব্ৰাউজাৰ CHORME। সেই CHORME য়ে এতিয়া এক যুগান্তকাৰী পৰিৱৰ্তন আনিলে ইন্টাৰনেটৰ জগতখনত।

তাৰ পিছতে লাহে লাহে পৃথিৱীত বিয়পি পৰিল সুন্দৰ নাম,কাম।লাহে লাহে GOOGLE ত সুন্দৰ পিছাইৰ প্ৰভাৱ বাঢ়িল।২০১০ চনত সুন্দৰ GOOGLE ৰ প্ৰগেম ডেভেপলমেন্টৰ ভাইছ প্ৰেছিডেন্ট,২০১২ চনত ছিনিয়ৰ প্ৰেছিডেন্ট আৰু ২০১৫ চনৰ ১০ আগষ্টত সুন্দৰ পিছাইক GOOGLE ৰ CEO দায়িত্ব অৰ্পণ কৰে।সুন্দৰ পিছাইলৈ মাইক্ৰছফট,টুইটাৰৰ দৰে কোম্পানীৰ পৰাও আহিছিল অফাৰ।অৱশ্যে সুন্দৰে নাকছ কৰে সেই সমূহ অফাৰ।এগৰাকী ভাৰতীয় হিচাপে দেশক লৈ বহু গৌৱৰান্বিতও কৰে সুন্দৰ পিছাই।দেশবাসীৰ বাবেও সুন্দৰ পিছাই সদায় গৌৰৱ।

Recent Posts

Follow Better & Brighter