Select Page

An inspirational story of stephen hawking/মৃত্যুক কেনেকৈ জয় কৰিছিল ষ্টিফেন হকিঙকে?

An inspirational story of stephen hawking/মৃত্যুক কেনেকৈ জয় কৰিছিল ষ্টিফেন হকিঙকে?

মৃত্যুক জয় কৰা বিশ্বৰ এজন প্ৰখ্যাত বিজ্ঞানী।মাত্ৰ ২ বছৰ জীয়াই থাকিম বুলি জানিও টিল টিলকৈ এফালৰ পৰা মৰি যোৱা শৰীৰটো লৈ কৰিছিল পৃথিৱীৰ দুটা আচৰিত আৱিস্কাৰ যি আজিও মানৱ জাতিৰ উপকাৰ সাধন হৈছে।ষ্টিফেন হকিং যাক সৰুতে মানুহে আনষ্টাইন নামেৰে মাতিছিল।গণিত ভাল পোৱা ষ্টিফেনে সৰুতে পেলনীয়া ইলেকট্ৰনীক সামগ্ৰীৰে সাজি উলিয়াইছিল এটা কম্পিউটাৰ।মাত্ৰ ১৭ বছৰ বয়সতে অক্সফৰ্ড বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰিছিল ষ্টিফেনে।

কিন্তু এদিন হঠাৎত এজাক ধুমুহা আহিল ষ্টিফেনৰ জীৱনলৈ।ষ্টিফেন অক্সফৰ্ডৰ পৰা এদিন ছুটীত ঘৰলৈ আহোতে হঠাৎ বাগৰি পৰিছিল ঘৰৰ ছিৰিৰ পৰা।প্ৰথম অৱস্থাত পৰিয়ালৰ লোকে সাধাৰণ ভাৱেই লৈছিল।কিন্তু যেতিয়া লাহে লাহে বেছি অসুবিধা পাবলৈ ধৰিলে তেতিয়া চিকিৎসকৰ কাষ চপাত পোহৰলৈ আহিল যে ষ্টিফেন কেতিয়াও ভাল নোহোৱা এক ৰোগত আক্ৰান্ত হৈছে।বেমাৰটোৰ নাম NEURON MOTOR DISEASE।এই ৰোগে মাংসপেশীক নিয়ন্ত্ৰণ কৰা নাৰ্ভবোৰে কাম কৰাৰ লাহে লাহে বন্ধ কৰি দিয়ে।যাৰ ফলত গোটেই দেহাটোৱে কাম নকৰা হৈ যায় এটা সময়ত।আৰু লাহে লাহে মৃত্যুক আকোৱালী লয়।চিকিৎসকৰ মতে ষ্টিফেন আৰু  মাত্ৰ ২ বছৰহে জীয়াই থাকিব।চিকিৎসকৰ এই কথা শুনাৰ পিছত ষ্টিফেন যথেষ্ট হতাশ হৈছিল।

কিন্তু হতাশাক একাষৰীয়াকৈ থৈ ষ্টিফেনে অনুভৱ কৰিছিল যে মই এনেকৈ মৰিব নোৱাৰো।মই জীৱনত এতিয়াও কৰিবলৈ বহু কিবা কিবি কৰিবলগীয়া আছে।তাৰ পিছতে মৃত্যুক পিঠি দি আৰম্ভ কৰিছিল বৈজ্ঞানীক জীৱনৰ।অচিন ৰোগটোক অভিশাপ হিচাপে নহয়,বৰদান হিচাপে লৈ বিজ্ঞানৰ ক্ষেত্ৰখনত কাম কৰি লাহে লাহে বিশ্বত নাম হবলৈ ধৰিলে।কিন্তু আনফালে ষ্টিফেনৰ শৰীৰটো এফালৰ পৰা মৰি আহিছিল।শৰীৰটো মৰিলেও মনৰ উদ্যম কমা নাছিল।লাহে লাহে মগজুৰ বাহিৰে দেহৰ সকলো অংগ বিকল হৈ পৰাত সহায় লয় হুইল চেয়াৰৰ।এই দৰে লাহে লাহে মৃত্যুকো মাৰি মাৰি অৱশেষত ষ্টিফেনে BLACK HOLES আৰু HAWKING RADIATION থিঅ”ৰি বিশ্বক দিলে।সেই আৱিস্কাৰে খলকনি সৃষ্টি কৰিলে বিশ্বত।

     ষ্টিফেনৰ মতে “মৰিবলৈ মোৰ ভয় নালাগে।কিন্তু মৰাৰ আগত মই বহু কিবা কিবি কৰিব লগীয়া আছে।মানুহৰ মৃত্যু এনেও নিশ্চিত।কিন্তু জন্ম আৰু মৃত্যুৰ মাজত কেনেকৈ জীয়াই থাকিব বিছাৰা সেইয়া তোমাৰ ওপৰত নিৰ্ভৰ কৰিব।জীৱন যিমানেই কঠিন নহওক কিয় আপুনি কিবা এটা নহয় কিবা এটা কৰিব পাৰিনই আৰু সফল হবই।

Recent Posts

Follow Better & Brighter