Select Page

An inspirational story of IPS Manuj Kumar Sharma/নকল কৰি দ্বাদশ ফেইল হোৱা এগৰাকী IPS বিষয়াৰ সফল যাত্ৰা কাহিনী।

An inspirational story of IPS Manuj Kumar Sharma/নকল কৰি দ্বাদশ ফেইল হোৱা এগৰাকী IPS বিষয়াৰ সফল যাত্ৰা কাহিনী।

কাহিনী এইয়া দশম শ্ৰেণী নকল কৰি পাছ কৰি দ্বাদশ শ্ৰেণীত নকল কৰিবলৈ সুবিধা নাপায় ফেইল কৰা এজন IPS বিষয়াৰ।এটা দৰিদ্ৰ পৰিয়ালত জন্ম হোৱা IPS বিষয়াই জনে এদিন কোনো মতে দ্বাদশ শ্ৰেণীটো পাছ কৰি কোনোবা এটা চৰকাৰী অফিচত সৰু টাইপিংৰ দৰে চাকৰি এটা কৰি খাম বুলি ভবা লৰাটোৰ আশাত চেঁচা পানী পৰিছিল কিয়নো স্কুলত নকল কৰিবলৈ নাপায় ফেইল কৰিছিল দ্বাদশৰ পৰীক্ষাত।নকল কৰিয়ে পাছ কৰিছিল নৱম,দশম আৰু একাদশ।এফালে দৰিদ্ৰতা আনফালে পঢ়া শুনাটো অতি দুৰ্বল লৰাটোৱে এদিন চলাইছিল অটো।সেই অটো চলোৱা লৰাটোৱে কঠোৰ সংগ্ৰামৰ মাজেৰে এদিন IPS বিষয়া হলগৈ।

নাম তেঁওৰ মনোজ কুমাৰ শৰ্মা।বৰ্তমান মহাৰাষ্ট্ৰ পুলিছত সেৱা আগবঢ়োৱা এজন IPS বিষয়া।যাক জনা যায় সিংঘম নামেৰেও।মনোজৰ জীৱন যাত্ৰা আৰম্ভ হৈছিল মধ্যপ্ৰদেশৰ মৰেনাৰ এটা অতি দুখীয়া পৰিয়ালত জন্ম হৈ।মনোজৰে এজন বন্ধুৱে তেঁওৰ জীৱনৰ ওপৰত “টুৱেলভ ফেইল-হাৰা ওৱহি যৌ লাড়া হী নাহি” নামেৰে এখন গ্ৰন্থ লিখি উলিয়াইছে।তাত তেওঁ উল্লেখ্য কৰিছে এইদৰে-একাদশ শ্ৰেণীলৈকে নকল কৰি পাছ কৰিলো কিন্তু দ্বাদশত নকল কৰিবলৈ নাপায় ফেইল কৰিলো।ভাবিছিলো দ্বাদশৰ লৈকে নকল কৰি পাছ কৰি টাইপিং শিকি সৰু সুৰা কিবা চাকৰি এটা বিছাৰি লম।কিন্তু সেই বছৰত এছ ডি এম জনে কাকো নকল কৰিবলৈ নিদিছিল যাৰ বাবে দ্বাদশত ফেইল কৰিলো।কেৱল হিন্দীৰ বাহিৰে আটাইকেইটা বিষয়তে ফেইল কৰে সেইবাৰ মনোজে।

      মনোজৰ জীৱনৰ এটা ব্যৰ্থতাটোৱে মনোজক জীৱনত যেন সফলতাৰ শীখৰত আৰোহণ কৰা পথৰ বাট কাটি দিলে।মনোজে প্ৰকাশ কৰা অনুসৰি-সেইদিনা এছ ডি এম য়ে নকল কৰিবলৈ নিদিয়া কঠোৰ সিদ্ধান্তটোৱে মোক বৰকৈ প্ৰভাৱিত কৰিছিল।মই ভাবি আছিলো এছ ডি এম ইমান কোন পাৱাৰফুল মানুহ,যাৰ কথা দেখোন সকলোৱে মানে।তাৰ পিছত মই সেইদিনাই থিৰাং কৰিছিলো যে তেওঁ জোনেই নহওক কিয়,মই ডাঙৰ হৈ তেওঁৰ দৰে হম।

      সপোন দেখিলে থিকেই কিন্তু সি এতিয়া আগবাঢ়িব কেনেকৈ?দ্বাদশ ফেইল মনোজে তেতিয়া আৰম্ভ কৰিলে ককায়েকৰ লগত অটো চলাবলৈ।কিন্তু এদিন সেই অটো খনকে পুলিছে কিবা এটা দোষত লৈ গৈছিল থানালৈ।পুলিচে থানালৈ অটো খন লৈ যোৱাত চিন্তাত পৰে মনোজ।চিন্তাৰ মাজতে মনোজক কোনোৱে আহি কলে যে তাৰ অটো খন কেৱল এছ ডি এম হে পাৰিব এৰি দিবলৈ।তেনেতে মনোজ গল এছ ডি এমৰ অফিচলৈ।অফিচত গৈ মনোজে তাৰ অটো খনৰ সমস্যাটোৰ বিষয়ে কোৱাৰ পৰিৱৰ্তে সুধিবলৈ আৰম্ভ কৰিলে তেঁও কেনেকৈ এছ ডি এম হবলৈ পঢ়া শুনা কৰিছিল সেই বিষয়ে হে।সেইদিনাও সি যেন বহু খিনি সাহস পালে জীৱনত।

    তাৰ পিছত মনোজে সপোনৰ পম খেদি মোৰেনাৰ পৰা আহিল গুৱলিয়াৰলৈ।গুৱালিয়াৰত আৰম্ভ হৈছিল আন এখন সংগ্ৰাম।তাতে মনোজে থাৰ্ড ডিভিজন লৈ পাছ কৰে দ্বাদশ।সেইখন সংগ্ৰামৰ বিষয়ে মনোজে সদৰী কৰে এই দৰে-ঘৰৰ পৰা এখন ঠেলা লৈ মই আহিছিলো গুৱলিয়াৰলৈ।হাতত পইচা নাছিল না থাকিবলৈ না ভালকৈ খাবলৈ।সেইহে মই বহু দিন শুৱ লগা হৈছিল ৰাস্তাৰ ভীক্ষাৰীৰ লগতো।কিন্তু এদিন মাজতে ভাগ্যই লগ দিলে আৰু এটা লাইব্ৰেৰীৰত কাম পালো।তাতে কাম কৰাৰ লগতে প্ৰস্তুতিও আগুৱাই নিলো।

গুৱালিয়াৰ পৰা মনোজ আকৌ ৰাওনা হল দিল্লীলৈ।জেপত ফুটাকড়ী এটাও নথকা মনোজে দিল্লীত আৰম্ভ কৰিলে পুৱা সম্ভ্ৰান্ত ঘৰৰ লোকৰ কুকুৰ ফুৰাবলৈ নিয়া কাম।যাৰ বাবত মনোজে পাইছিল ৪০০ টকাকৈ দিনে।তাতে মনোজৰ ভাগ্যই আকৌ লগ দিলে।বিকাশ দিব্যকীৰ্তি নামৰ এজন শিক্ষকে বিনামূলীয়াকৈ পঢ়াবলৈ ললে মনোজক।তাৰ পিছত প্ৰথমটো প্ৰয়াসত মনোজে প্ৰীলিমছ পাছ কৰে যদিও পিছলৈ ব্যৰ্থ হয়।তথাপিও নিৰাশ নহৈ অব্যাহত ৰাখিললে প্ৰয়াস।এই দৰে চতুৰ্থটো প্ৰয়াসত মনোজে ১২১ সংখ্যক স্থান লৈ উৰ্ত্তীণ UPSC ত।আৰু ২০০৫ চনত মহাৰাষ্ট্ৰ কেডাৰৰ পৰা এজন IPS বিষয়া পাছ কৰে।

      সচায়,জীৱনত কিবা এটা কৰাৰ জুনুন যেতিয়া অন্তৰৰ গভীৰ কোণৰ পৰা নিগৰি আহে তেতিয়া যেন তাৰ লাভৰ ক্ষেত্ৰত বাটত যিমান বাধা আহিলেও যাত্ৰা ৰুধিব নোৱাৰে।সেই কথা প্ৰমাণ কৰি দেখুৱালে IPS মনোজ কুমাৰ শৰ্মাই।

Recent Posts

Follow Better & Brighter