Select Page

An Inspirational Story of Dr Sake Bharati/দিন হাজিৰা কৰা ভাৰতী য়ে লাভ কৰিলে PhD ডিগ্ৰী।

An Inspirational Story of Dr Sake Bharati/দিন হাজিৰা কৰা ভাৰতী য়ে লাভ কৰিলে  PhD ডিগ্ৰী।

খেতিপথাৰত দিন হাজিৰা কৰা মহিলা গৰাকীয়ে অৱশেষত ৰাসায়ন বিভাগত PhD ডিগ্ৰী পালে।দিনত পথাৰত হাড় ভঙা পৰিশ্ৰম কৰি আহি ৰাতি ঘৰৰ কাম বন কৰিও ভাগৰত ক্লান্ত মহিলা গৰাকীয়ে অলপ সময় অধ্যয়নত মনোনিবেশ কৰি অৱশেষত ডক্টৰেট ডিগ্ৰীটো লাভ কৰিলে।হয় এটা দুখীয়া পৰিয়ালৰ মহিলা গৰাকীৰ পঢ়াৰ প্ৰতি থকা ধাউতীয়ে তেঁওৰ নামৰ আগত ড° উপাধি লগালে।

নাম তেঁওৰ সাকে ভাৰতী।এতিয়া সৰ্ম্পূণ নাম ড° সাকে ভাৰতী।অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাৰ নিবাসী তেঁও।পৰিয়ালত কেৱল ৩ জনী ছোৱালীয়ে জন্ম হোৱাৰ বাবে তেঁওৰ পিতৃ বৰ সুখী নাছিল।যাৰ বাবে পিতৃয়ে ছোৱালী কেইজনীক বৰ গুৰুত্ব দিয়া নাছিল।এদিন ডাঙৰ জীয়ৰী ড° সাকে ভাৰতী বিবাহ পাশত আৱদ্ধ হ’ল দৰিদ্ৰ ব্যক্তিৰ লগতে।পঢ়া শুনাত ইচ্ছা থাকিও ঘৰত ভালদৰে পঢ়াৰ সুযোগ নোপোৱা সাকে ভাৰতী য়ে স্বামী ঘৰতে আৰম্ভ কৰিছিল পঢ়া শুনাৰ।এই ক্ষেত্ৰত যথেষ্ট সহায় পাইছিল স্বামীৰ পৰা।এটা ১১ বছৰীয়া সন্তানৰো মাতৃ ড° সাকে ভাৰতী।দিনৰ ভাগত ড° ভাৰতী কাম কৰিবলৈ যায় এখন খেতি পথাৰত আৰু নিশা আহি ঘৰৰ সকলো কাম বন কৰি আজৰি হৈ আৰম্ভ কৰে অধ্যয়ন।গাঁৱৰ পৰা কেইবা কিলোমিটাৰ খোজেৰে গৈ বাছ ধৰি বিশ্ববিদ্যালয়লৈ গৈছিল ড° ভাৰতী।এইদৰে ৬ বছৰীয়াৰ অধ্যয়নৰ অন্তত ডক্টৰতে ডিগ্ৰী লাভ কৰে ড° সাকে ভাৰতী য়ে।

গতিকে হাজাৰ বাধা আহিলেও আপুনি আপোনাৰ সপোনক ব্ৰেক নলগাব।যদি লগাইছে তেনেহ’লে আতঁৰাই আকৌ আৰম্ভ কৰক সপোন দেখিবলৈ।মনত ৰাখিব এই পৃথিৱীত অসম্ভৱ বুলি একো নাই।

Recent Posts

Follow Better & Brighter