Select Page

এজন অটো চালকৰ পুত্ৰ দেশৰ আটাইতকৈ কম বয়সীয়া IAS বিষয়া।

এজন অটো চালকৰ পুত্ৰ দেশৰ আটাইতকৈ কম বয়সীয়া IAS বিষয়া।

দেশৰ আটাইতকৈ কম বয়সীয়া IAS বিষয়া গৰাকীৰ বিষয়ে আজি একলম।UPSC দেশৰ আটাইতকৈ কঠিন পৰীক্ষা সকলোৰে বাবে।বহুতৰ সপোন থাকে উৰ্ত্তীণ হৈ এগৰাকী প্ৰশাসনীক বিষয়া হোৱাৰ।বহুতৰ সপোন পূৰণ হয় বহুতৰ পূৰণ নহয়।সেই সপোন পূৰণ কৰা এজন অতি দৰিদ্ৰ আৰু কম বয়সীয়া যুৱকৰ নাম হৈছে আনছাৰ শেইখ।মাত্ৰ ২১ বছৰীয়া আনছাৰ শেইখৰ পিতৃ পেচাত এগৰাকী অটো চালক।মহাৰাষ্ট্ৰৰ ঝালনা গাঁৱৰ আনছাৰৰ সৰুৰে পৰা পঢ়া শুনাৰ প্ৰতি আছিল অতি আগ্ৰহী।

কিন্তু পৰিয়ালৰ পৰা পোৱা নাছিল এই ক্ষেত্ৰত পৰ্যাপ্ত সুবিধা,সহযোগিতা।দৰিদ্ৰতাৰ চেপাত কোঙা হোৱা পৰিয়ালটোক আনছাৰৰ সম্বন্ধীয়ই তাক নপঢ়োৱাব লৈকে পৰামৰ্শ দিছিল।পৰিয়ালৰ কোনো লোকে আনছাৰৰ দেউতাকক কৈছিলঃ-
“‘ইয়াক পঢ়ায় শুনায় কি কৰিবি?তাতকৈ তাক কামত লগোৱাই উচিত।”পৰিয়ালৰ কথা শুনি এটা সময়ত আনছাৰৰ দেউতাকে তাক স্কুলৰ পৰা এৰোৱাবলৈ স্কুলটো উপস্থিত হয়গৈ।তেনেতে স্কুলৰ শিক্ষক সকলে দেউতাক বুজনি দিয়ে যে ‘এদিন আনছাৰ বহুত ডাঙৰ মানুহ হ’ব।তাক স্কুল নেৰুৱাব।’ স্কুল এৰোৱাৰ পৰা ৰক্ষা পৰিল থিকেই,কিন্তু হোটেলত কাম কৰিব লাগিছিল আনছাৰে।তেতিয়া লৈকে আনছাৰে নাজানিছিল সি হ’ব কি পঢ়ি শুনি।এনেতে ঘটিছিল এটা ঘটনা।অটো চালক পিতৃক চৰকাৰী কামৰ বাবে এজন বিষয়াই বিচাৰিছিল ধন।আৰু তেতিয়াই আনছাৰে সিদ্ধান্ত লৈছিল এগৰাকী IAS বিষয়া হোৱাৰ।

শিক্ষকৰ সকলৰ কথা সত্য প্ৰমাণিত হ’ল।আনছাৰে সুখ্যাতিৰে বৰ্ডৰ পৰীক্ষা পাছ কৰি ৰাজনীতি বিজ্ঞানত বি এ পাছ কৰিয়ে UPSC পৰীক্ষাত বহাৰ সিদ্ধান্ত লয়।তাৰ বাবে এবছৰ ক’চিং কৰি প্ৰস্তুতি চলায় আনছাৰে প্ৰথমটো প্ৰয়াসতে উৰ্ত্তীণ হয়।৩৬১ ৰেংক লাভ কৰি আনছাৰে দেশৰ ভিতৰতে আটাইতকৈ কম বয়সীয়া IAS বিষয়া হোৱাৰ অভিলেখ গঢ়ে।

Recent Posts

Follow Better & Brighter