Select Page

হৃদয়ৰ গভীৰ কোণকো চুই যোৱা কেইটামান লাইন।

হৃদয়ৰ গভীৰ কোণকো চুই যোৱা কেইটামান লাইন।

১।কুকুৰক এইবাবেই কুকুৰ বুলি কোৱা হয় কাৰণ কুকুৰ প্ৰভুভক্ত।প্ৰবঞ্চক হোৱা হ’লে কুকুৰকো মানুহ বুলিয়ে কলে হেতেন।

২।প্ৰতাৰণা খোৱা মানুহে জীৱনত যি শিক্ষা আয়ত্ত্ব কৰে সেই শিক্ষা কোনো কিতাপৰ পৰা লাভ কৰিব নোৱাৰে।

৩।যাৰ আঘাতৰ চিন মোৰ হৃদয়ত পৰি ৰ’ল,গোটেই জীৱন কান্দি থকাৰ শপত দি গ’ল।লাখ-লাখ ফুলৰ মাজত এপাহ তুলি ললো,কাঁইটতকৈও গভীৰ আঘাট দিলে বুকু পাতি ললো।

৪।নিচা প্ৰেমৰেই হওক বা সুৰাৰে হওক,দুয়োটাই সংজ্ঞা হেৰু‍ৱাই।প্ৰাৰ্থক্য মাথো ইমানেই সুৰাই শুৱাই দিয়ে প্ৰেমে কন্দুৱাই।

৫।সম্বন্ধই হওক বা গছপুলি দুয়োৰে লক্ষণ একে।ৰোপন কৰি যদি পাহৰিলা তেন্তে জীয়াই নাথাকে।

৬।এদিন তোমাৰ অভিযোগ আনৰ প্ৰতি নহয় নিজৰ ওপৰতেই হ'ব।যিদিনা বুজিবা এটি সুন্দৰ জীৱন তোমাৰ সন্মুখত ৰৈ আছিল আৰু তুমি সকলোৰে লগত অবাবদ অপব্যয় কৰিলা সেই সময়।
৭।এটা কথা সদায় মনত  ৰাখিবা।প্ৰয়োজনতকৈ বেছি ভাল মানুহ হ'বলৈ গলে প্ৰয়োজনতকৈ অধিক আনৰ হাতত ব্যৱহৃতহে হ'বা।

৮।কাৰোবাক ভালপোৱাটো ভুল হ'ব নোৱাৰে,কিন্তু কাৰোবাক অন্ধভাৱে ভৰসা কৰাটো ভুলো হ'ব পাৰে।

Recent Posts

Follow Better & Brighter