Select Page

মাত্ৰ ১০ টকা ফীজ লৈ ৰোগী চিকিৎসা কৰা অসমৰ এজন চিকিৎসা

মাত্ৰ ১০ টকা ফীজ লৈ ৰোগী চিকিৎসা কৰা অসমৰ এজন চিকিৎসা

এই খন অসমৰে ভগৱান ৰুপি এজন চিকিৎসক যি মাত্ৰ ১০ টকা ফীজ লৈ চিকিৎসা কৰে ৰোগীৰ।নাম তেঁও বিশ্বনাথৰ ৰঞ্জন গগৈ।কিছু দিন আগতে ফটোত দেখা আইতা গৰাকী আক্ৰান্ত হৈছিল ৰোগত।তাৰ পিছতে আইতা গৰাকীৰ সকলো চিকিৎসাৰ দায়িত্ৱ লৈছিল ৰঞ্জন গগৈ য়ে।মাত্ৰ ১০ টকা ফীজ লৈয়ে গগৈ চিকিৎসা কৰে ৰোগীক।ক’ভিড কালত বহু দুখীয়া ৰোগীক বিনামূলীয়াকৈ চিকিৎসা কৰি বিনামূলীয়াকৈ নিজৰ ফাৰ্মাচীৰ পৰা ঔষধ যোগান ধৰি ৰাইজৰ সেৱা কৰিছিল।বিনামূলীয়াকৈ ঔষধ যোগানৰ ফলত তেঁও সৰু ফাৰ্মাচী খনত লাখ টকা পৰ্যন্ত ঋণো লাগিছে।

             ক’ভিডৰ সময়ছোৱাত তেঁও কোৱা এষাৰ কথা “মই সকলো চিকিৎসককে অনুৰোধ জনাইছো এই সময়ছোৱাত টকাৰ প্ৰতি গুৰুত্ব নিদি সেৱা কৰি যাওক।ধন আমি পিছতো অৰ্জন কৰিব পাৰিম।”

          কেৱল ক’ভিডৰ  সময়তে নহয় আজিও তেঁও এনে বহু ৰোগীক চিকিৎসা কৰে যাৰ আৰ্থিক অৱস্থা অতিশয় দুৰ্বল।বহু সময়ত চিকিৎসা বৃত্তিৰ লগত জৰিত বহু চিকিৎসকে চিকিৎসাৰ নামত লোৱা ধনৰ বাবে বহু সমালোচনাৰো সন্মুখীন হয়।কিন্তু ৰঞ্জন গগৈৰ দৰে চিকিৎসকে প্ৰমাণ কৰি দেখুওৱাইছে আচলতে এনেকৈও সেৱা কৰিব পাৰি।সঁচা অৰ্থত ৰঞ্জন গগৈ প্ৰশংসা,সন্মানৰ গৰাকী।

Recent Posts

Follow Better & Brighter