Select Page

মাতৃৰ বিশ্বাসে বৌদ্ধিক ভাৱে দুৰ্বল শিশু এটাক পৃথিৱীৰ সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানী ৰূপে গঢ়ি তুলিলে/An inspirational story of Thomas Edison’s mother

মাতৃৰ বিশ্বাসে বৌদ্ধিক ভাৱে দুৰ্বল শিশু এটাক পৃথিৱীৰ সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানী ৰূপে গঢ়ি তুলিলে/An inspirational story of Thomas Edison’s mother

মাতৃৰ বিশ্বাসে সমাজৰ দৃষ্টিত মানসিক ভাৱে বিকাৰগ্ৰস্ত এটা শিশুক এদিন পৃথিৱীৰ সৰ্বকালৰ এজন শ্ৰেষ্ঠ বিজ্ঞানী ৰূপে গঢ়ি তুলিছিল।যাক সৰুতে এদিন শিক্ষকে পাগল বুলি ভাবি স্কুলৰ পৰা পঠাই দিছিল কিন্তু মাতৃয়ে শিশুটোক ঘৰতে পঢ়োৱাই পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিজ্ঞানী কৰি তুলিছিল।পৃথিৱীৰ দৃষ্টিত পাগল লৰাটোৱে পিছলৈ বাব্ল,ফনোগ্ৰাফ,মোভিং কেমেৰাকে আদি কৰি বহু যুগান্তকাৰী আৱিস্কাৰ পৃথিৱীক দিয়ে।

  পৃথিৱীৰ প্ৰতি গৰাকী প্ৰখ্যাত বিজ্ঞানীৰে শৈশৱৰ জীৱনৰ এনে কিছু কাহিনী আছে যি আচলতে অনুপ্ৰেৰণা সকলোৰে বাবে।তেনে এজন প্ৰখ্যাত বিজ্ঞানী থমাছ আলভা আলভা এডিছনৰো আছে শৈশৱৰ এক কাহিনী।যি কাহিনী শুনিলে আপোনাৰো চকু সেমেকি উঠিব।সৰুতে থমাছৰ এটা গুণ আছিল।নজনা কথা জানিবৰ বাবে থকা আগ্ৰহে তাক কেতিয়াবা তাৰ সন্মুখত থকা লোকক বিপাঙত পেলায় মাৰে।যেতিয়া লৈকে নজনা কথা এটাৰ সৰ্ম্পকে থমাছ সকলো কথা জানি নলয় তেতিয়া লৈকে থমাছে বুজাই দিয়া জনক নেৰে।এই গুণৰ বাবে এদিন থমাছৰ শিক্ষকে এখন চিঠি এদিন তাৰ হাতত মাকলৈ দি পঠালে।চিঠি খন থমাছৰ হাতত তুলি দি শিক্ষক জনে তাক কলে এইবুলি-চিঠি খন তুমি খুলি নাচাবা।পোনে পোনে মাক দিবা গৈ।

     থমাছে চিঠি খন আনি মাকৰ হাতত তুলি দিয়ে।মাক নেনচি এলিঅটে চিঠি খন উলিয়াই পঢ়ি শেষ হোৱাৰ পিছত দুচকুৰে দুধাৰী চকু পানী বৈ আহিল।কাষতে থকা থমাছে মাকৰ চকুত চকু পানী দেখি সুধিলে-মা তুমি কিয় কান্দিছা?চিঠি খনত ছাৰে কি লিখি দিছে  যে তুমি পঢ়ি কান্দি পৰিছা? মাকে তেতিয়া লৰা লৰিকৈ চকু পানী দুধাৰী মুহাৰি থমাছক সাবতি ধৰি কলে-আল চিঠিখনত ছাৰে লিখিছে তুমি হেনো বৰ বুদ্ধিয়ক আৰু চোকা লৰা।আমাৰ স্কুলখন একেবাৰে নিম্ন স্তৰৰ।ইয়াত পঢ়োৱা শিক্ষক সকলো বেছি পঢ়া নহয়।সেইহে ইয়াক এতিয়া আমাৰ ইয়াত আৰু পঢ়োৱাব নোৱাৰো।পাৰিলে আপুনি ইয়াক নিজে ঘৰতে শিক্ষা দিয়ক।

      সেইদিনাৰ পৰা থমাছক মাক নেনচি এলিঅটে স্কুললৈ থমাছক পঠাবলৈ এৰি নিজে ঘৰতে পঢ়োৱাবলৈ ললে।সময় পাৰ হল।মাকে নিজৰ সাধ্যানুসৰি যিমান পাৰে সিমান শিক্ষা দি থমাছক পৃথিৱীৰ এজন অন্যতম সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানী ৰূপে প্ৰতিষ্ঠা কৰিলে।যি এদিন আৱিস্কাৰ কৰিলে ইলেক্ট্ৰিক বাব্ল,ফনোগ্ৰাফৰ দৰে বহু বিখ্যাত আৱিস্কাৰ পৃথিৱীক দিলে।

এদিন আজৰি সময়ত থমাছে পুৰণি স্মৃতিৰ বস্তুবোৰ চায় আছিল।তেনেতে আলমাৰীত থমাছৰ চকুত পৰিল সেই চিঠি খন যি খন চিঠি পঢ়ি এদিন মাকে কান্দি পৰিছিল।থমাছে পুৰণি চিঠি খন উলিয়াই ধ্যান দি পঢ়িবলৈ আৰম্ভ কৰিলে।চিঠি খন পঢ়ি থমাছ আলভাৰ আচৰিত হৈ  দুচকুৰে চকু পানী বৈ আহিল।চিঠি খনত আচলতে সেইদিনা মাকে কোৱাৰ দৰে শিক্ষক জনে লিখা নাছিল।চিঠি খনত লিখা আছিল এই দৰে-আপোনাৰ লৰাটো মানসিক তথা বৌদ্ধিক ভাৱে অতি দুৰ্বল।সেইহে তাক আৰু এতিয়াৰ পৰা স্কুললৈ নপঠাব।

     এডিছনে সেইদিনা চিঠিখন পঢ়ি বহু সময় ধৰি কান্দিলে আৰু তাৰ পিছত তেওঁ  ডায়েৰীত লিখিলে এইবুলি-এগৰাকী মহান মাতৃয়ে বৌদ্ধিক ভাৱে একে বাৰে দুৰ্বল লৰা এটাক শতিকাৰ আটাইতকৈ মহান বিজ্ঞানী ৰূপে গঢ়ি তুলিলে।সচায় মাতৃৰ ত্যাগৰ সমান ডাঙৰ ত্যাগ হয়টো একোৱে নাই।  

Recent Posts

Follow Better & Brighter