Select Page

পদপথৰ কাষত চাহৰ দোকানেৰে জীৱন নিৰ্বাহ এজন মুখ্যমন্ত্ৰীৰ বায়েকৰ|Story of UP cm’s sister

পদপথৰ কাষত চাহৰ দোকানেৰে জীৱন নিৰ্বাহ এজন মুখ্যমন্ত্ৰীৰ বায়েকৰ|Story of UP cm’s sister

বহু ৰাজনৈতিক নেতাৰ বাবে আজিৰ ৰাজনীতি কেৱল ক্ষমতা,পদ,ধন সম্পত্তি,বিলাসী জীৱনৰ চানেকীৰ বাহিৰে যেন আন একোৱে নহয়।একোবাৰকৈ ক্ষমতাৰ বাঘজৰী হাতত পৰিলে আজিৰ বহু সংখ্যক নেতাই ৰাইজ,জনতালৈ চিন্তা কম আৰু ব্যক্তিগত,পৰিয়ালৰ লোকৰ চিন্তা যেন অধিক কৰাৰ প্ৰতিফলিত হয়।কিন্তু তাৰ মাজতে দেশত এনে এজন নেতা আছে যি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কিন্তু বায়েকে জীৱন নিবাহ কৰে পথৰ কাষত এখন সৰু দোকান দি।

হয়, এই যে ফটোত দেখা সাধাৰণ মহিলা গৰাকী তেঁওৰ ভায়েক ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ বৰ্তমান মুখ্যমন্ত্ৰী।তেঁও হৈছে বৰ্তমানৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বায়েক শশী দেৱী।উত্তৰাখণ্ডৰ পৌড়ী জিলাৰ কুঠাৰ গাঁৱত ৰাস্তাৰ কাষতে এখন সৰু ফুলৰ দোকানৰ দোকানী তেঁও।এই পৌড়ী জিলাৰে পঞ্চুৰ নামৰ গাঁৱ খনত শৈশৱ অতিবাহিত কৰিছিল যোগী আদিত্যনাথে।১৯৯১ চনত শশীৰ বিয়া হোৱাৰ পিছতে যোগী আদিত্যনাথ আহিছিল ৰাম মন্দিৰ আন্দোলনত।তাৰ পিছত এজন যোগী আদিত্যনাথ যোগী জীৱন বাছি লয়।পৰৰ্ৱতী সময়ত ৰাজনীতি লৈ আহি ৩ বাৰকৈ সাংসদ আৰু ২ বাৰকৈ মুখ্যমন্ত্ৰী হয় শশীৰ ভায়েক।

ভায়েক মুখ্যমন্ত্ৰী যদিও কোনো দিনেই শশীয়ে কোনো ধৰণৰ সহায় লোৱা নাই মুখ্যমন্ত্ৰী ভায়েকৰ পৰা।মুখ্যমন্ত্ৰী হোৱাৰ পিছতো বহু লোকে নাজানিছিলে যে তেঁও এগৰাকী মুখ্যমন্ত্ৰীৰ বায়েক বুলি।মুখ্যমন্ত্ৰীক লগ কৰিবলৈ যেনেধৰণৰ নিয়মৰ মাজেৰে যাব লাগে থিক তেনেকৈ লগ কৰে ভায়েকক।

বায়েকৰ এই অৱস্হাৰ বিষয়ে এটা সাক্ষাৎকাৰত যোগী আদিত্যনাথক দেশৰ প্ৰখ্যাত সাংবাদিক ৰজত শৰ্মাই সুধিছিল এই বুলি “মই আপোনাৰ বাইদেউৰ কেইখন ফটো দেখিছো যত তেঁও চাহৰ দোকান,প্ৰসাদ,পূজাৰ ফুল বেছাৰ দোকানী ৰূপে দেখা গৈছে।আপুনি নাভাবে নে সকলোৱে নিজৰ পৰিয়ালৰ ধ্যান ৰাখে আপুনিও ৰাখিব লাগে বুলি।তেতিয়া আৱেগিক হৈ যোগী আদিত্যনাথে কৈছিল “মই এগৰাকী মুখ্যমন্ত্ৰী ৰূপে মই ৰাজধৰ্মৰ শপত লৈছো,পৰিয়ালৰ নহয়।”
সচায় আজিৰ দিনত এনে উদাহৰণ বিৰল।

Recent Posts

Follow Better & Brighter