Select Page

নিজৰ জীৱনকো বিপদত পেলায় হিংসু বনৰীয়া জন্তু উদ্ধাৰ কৰা এগৰাকী সাহসী মহিলা।

নিজৰ জীৱনকো বিপদত পেলায় হিংসু বনৰীয়া জন্তু উদ্ধাৰ কৰা এগৰাকী সাহসী মহিলা।

নিজৰ জীৱনকো বিপদত পেলায় বনৰীয়া জন্তু উদ্ধাৰ কৰা এগৰাকী সাহসী মহিলা।৮ টাকৈ বাঘৰ লগতে প্ৰকাণ্ড অজগৰ,চৰাই চিৰিকটিও উদ্ধাৰ কৰিছে মহিলা গৰাকীয়ে।তেঁওৰ নাম হৈছে কৰ্ণাটকৰ মঙ্গলুৰুৰ মেঘনা পেমায়হ।অলপতে ২০ ফুট দ এটা কুঁৱাত আৱদ্ধ হৈ থকা এটা নাহৰফুটুকী বাঘ মেঘনাই উদ্ধাৰ কৰে অতি কষ্টৰে।সেই ভয়ংকৰ অভিজ্ঞাতৰ কথা তাই বৰ্ণনা কৰে এইদৰেঃ-

“কুঁৱাটো যথেষ্ট দ আছিল আৰু আমি নাহৰফুটুকীৰ ওচৰ পাব পৰা নাছিলো। একমাত্ৰ বিকল্প আছিল তাইক শান্ত কৰিবলৈ ভিতৰলৈ জপিয়াই গৈ তাইক উদ্ধাৰ কৰা।ইয়াৰ বাবে মোক এটা পিঞ্জৰাত ভৰাই কুঁৱাটোৰ ভিতৰলৈ নমাই দিয়া হ’ল। মই ওচৰৰ পৰা নাহৰফুটুকীজনীৰ ফালে লৰচৰ কৰিলোঁ আৰু তাইক চেডেট নোহোৱালৈকে অপেক্ষা কৰিলোঁ।তাৰ পিছত তাইক মোৰ পিঞ্জৰাটোলৈ টানি লৈ গ’লো আৰু বাহিৰত থকা দলটোৱে আমাক দুয়োকে ওপৰলৈ টানি আনিলে।এইদৰে সেইদিনা আমি উদ্ধাৰ কৰিছিলো নাহৰফুটুকী বাঘ জনী।’”


      যোৱা দুবছৰ ধৰি মেঘনাই এইদৰে বন বিভাগক সহায় কৰি ৮ টাকৈ বাঘ উদ্ধাৰ কৰিছে। এনেধৰণৰ দুঃসাহসিক কাম তেঁও কিয় কৰে সেই বিষয়ে তেঁও কয়, “মোৰ মাষ্টাৰ কৰি থকাৰ সময়তে মই জানিব পাৰিছিলো যে বন্যপ্ৰাণী পশু চিকিৎসক এটা বস্তু। মই NatGeo ৰ উদ্ধাৰ অভিযানত মানুহবোৰে কৰা উদ্ধাৰ অভিযান বোৰ চাই থাকো আৰু ই মোক সদায় ৰোমাঞ্চিত কৰি তোলে।তেঁওলোকৰ দৰে মোৰো হোৱাৰ ইচ্ছা।মই সদায় সঠিক সুযোগ বিচাৰি আছিলো যিটো শেহতীয়াকৈ পালো।’

কেৱল সিমানে নহয় মেঘনাই আঘাট পোৱা জন্তুবোৰ উদ্ধাৰ কৰি নিজেও চিকিৎসা সুস্থ কৰি তোলে।আঘাট পোৱা বহু জন্তু মেঘনাই নিজেই অস্ত্ৰোপ্ৰচাৰ কৰি নতুন জীৱন দিয়ে।মেঘনাৰ এই কামত সহায়ৰ হাত আগবঢায় তেঁও স্বামীয়ে।

Recent Posts

Follow Better & Brighter