Select Page

ড° এ.পি.জে. আব্দুল কালামৰ সম্পত্তি কিমান আছিল জানেনে?

ড° এ.পি.জে. আব্দুল কালামৰ সম্পত্তি কিমান আছিল জানেনে?

ড° এ.পি.জে. আব্দুল কালামৰ সম্পত্তি কিমান আছিল জানেনে?তেঁও বৈজ্ঞানিক হল তাৰ পিছত দেশৰ আটাইতকৈ সন্মানীয় পদ ৰাষ্ট্ৰপতি পদটো অধিষ্ঠিত হল।তাৰ পিছতো তেঁওৰ সম্পত্তি কিমান আছিল জানেনে?শুনিলে আচৰিত হব আপুনিও।তেঁও আছিল বিশ্বৰ এনে এজন ৰাষ্ট্ৰপতি যি ধনৰ আটাইতকৈ দুখীয়া কিন্তু মনৰ আটাইতকৈ ধনী ৰাষ্ট্ৰপতি।

       সেইদিনা আছিল ২০০৭ চনৰ ২৫ জুলাই। ড° এ.পি.জে. আব্দুল কালামে ৰাষ্ট্ৰপতি পদৰ পৰা অৱসৰ লব।এগৰাকী ৰাষ্ট্ৰপতিয়ে অৱসৰ লৈছে,গতিকে ৰাষ্ট্ৰপতি ভৱনত সকলোৰে কামৰ অন্ত নাই।ৰাষ্ট্ৰপতি বিদায়ৰ সকলো আনুষ্ঠানিক কাৰ্যসূচী সমাপ্ত কৰি অৱশেষত সকলোৱে তেঁওক ৰাষ্ট্ৰপতি ভৱনৰ পৰা আগবঢ়ায় দিবলৈ আগবাঢ়ি আহিল।সকলোৱে ভাবিছিল ৰাষ্ট্ৰপতি যাব যেতিয়া লগত নিশ্চয় বহু বয়-বস্তু নিব লাগিব যাৰ বাবে প্ৰয়োজন হব ট্ৰাক,ভেন আদিৰ।কিন্তু বয়-বস্তু নিবলৈ কোনো ট্ৰাক,ভেনৰ প্ৰয়োজন নহ’ল। যাবৰ সময়ত তেঁও দুটা চুটকেটছ লৈ উলায় আহিল যি দুটা তেঁও ৰাষ্ট্ৰপতি ভৱনলৈ আহোতে লৈ আনিছিল।জানেনে সেই চুটকেটছ কেইটাত কি আছিল?তাত আছিল দুবাকচ কিতাপ।২০০২ চনত যেতিয়া তেঁও ৰাষ্ট্ৰপতিৰ দায়িত্ব ভাৰ লৈছিল তেতিয়া লগত এই কিতাপেৰে ভৰি থকা চুটকেটছ দুটা লৈ আহিছিল ৰাষ্ট্ৰপতি ভৱনলৈ।আৰু ৫ বছৰ সৰ্ম্পূণ কৰাৰ পিছত ৰাষ্ট্ৰপতি ভৱনৰ পৰা সেই চুটকেটছ দুটাকে লৈ বিদায় লৈছিল।যেতিয়া তেঁও ২০০২ চনত ৰাষ্ট্ৰপতি হৈছিল তেতিয়া এগৰাকী ৰাষ্ট্ৰপতি আহিব বুলি তেঁওৰ বয়-বস্তু আনিবলৈ মিলিটেৰীৰ কেইবাখনো বাহন গৈছিল। বাহন কেইখন যোৱা দেখি ড° কালামে তেঁওলোকক কলে”তোমালোকে এনেই মোৰ বাবে কষ্ট কিয় কৰিব লাগে?মোৰ লগত মাত্ৰ দুটা চুটকেটছহে আছে,সেই কেইটা মোৰ কাৰখনতে লৈ মই গুচি যাম।”

      উচ্চ চিন্তা-চৰ্চাৰ সুউচ্চ স্তম্ভ ৰূপে চিৰ কাল জিলিকি থকা মহান ব্যক্তিত্বৰ অধিকাৰী এই গৰাকী ব্যক্তিৰ বিশাল অন্তৰখনৰ বিষয়ে কৈ ওৰ নপৰে।যেতিয়া তেঁও ৰাষ্ট্ৰপতি হ’ল তেতিয়া তেঁও নিজৰ সকলো সা-সম্পত্তি দান কৰি দিলে।তেঁও কৈছিল-“এতিয়া মই ৰাষ্ট্ৰপতি হলো।এতিয়া মোৰ আজীৱন সকলো দায়িত্ব চৰকাৰেই লব।গতিকে মোৰ সাচতীয়া ধন আৰু মোৰ বেতন কি কৰিম?”

ইমানেই নহয়।যেতিয়া তেঁও ৰাষ্ট্ৰপতি হৈ আছিল তেতিয়া তেঁওক লগ কৰিবলৈ অহা দৰিদ্ৰ অতিথি,তেঁওৰ সৰ্ম্পকীয় লোকসকলৰ সকলো অহা যোৱা,থকা-খোৱাৰ খা-খৰচ নিজেই বহন কৰিছিল।তেঁওক লগ কৰিবলৈ অহা দৰিদ্ৰ অতিথি সকলক বাছ আস্থান,ৰেলষ্টেচনৰ পৰা আগুৱাই আনিবলৈ ৰাষ্ট্ৰপতি ভৱনৰ চৰকাৰী গাড়ী কেতিয়াও ব্যৱহাৰ কৰা নাছিল বৰঞ্ছ তেঁও নিজেই সুকীয়াকৈ ট্ৰেক্সিৰ ব্যৱস্থা কৰিছিল।তেঁও ৰাষ্ট্ৰপতি ভৱনৰ ষ্টাফক কৈছিল””এই সকলোৰে খা-খৰচ মই বহন কৰিম।খা খৰচৰ সকলো দায়িত্ব মোৰ ওপৰত জাপি দিয়ক।যিহেতু তেঁওলোক মোৰ অতিথি।”
ৰাষ্ট্ৰপতি ভৱনত থকা মানুহে নহয় আশে পাশে থকা জীৱ-জন্তু সকলোৰে লগত সেই একেই মৰম-স্নেহৰ বান্ধোনেৰে বান্ধ খায় আছিল।জীৱ-জন্তুবোৰৰ অসুখ-বিসুখ হলে তেঁও নিজেই চিকিৎসা কৰিছিল।

Recent Posts

Follow Better & Brighter