Select Page

ড°এপিজে আব্দুল কালামৰ 9th ফেইল ড্ৰাইভাৰ জনে B.A,২টাকৈ M.A ,B.Ed, M.Ed,P.hd ডিগ্ৰী পোৱাৰ কাহিনী।

ড°এপিজে আব্দুল কালামৰ 9th ফেইল ড্ৰাইভাৰ জনে B.A,২টাকৈ M.A ,B.Ed, M.Ed,P.hd ডিগ্ৰী পোৱাৰ কাহিনী।

জীৱনত এজন ভাল মানুহৰ সংগে আপোনাক বহু ওপৰলৈ নিব পাৰে।তেনে ওপৰলৈ যোৱা এজন ব্যক্তি আছিল ড° এপিজে আব্দুল কালামৰ একালৰ ড্ৰাইভাৰ ভি কাঠিৰেছন।দশম শ্ৰেণীতে ফেইল কৰা ভি কাঠিৰেছন হৈছিল গৈ এদিন জনতাৰ ৰাষ্ট্ৰপতি তথা মিছাইল মেন ড° এপিজে আব্দুল কালামৰ ড্ৰাইভাৰ ।আব্দুল কালামৰ প্ৰেৰণা পাই তেঁও এদিন পি এইচ দি ডিগ্ৰী লৈ এতিয়া এগৰাকী কলেজৰ সহকাৰী অধ্যাপক।কাঠিৰেছনে এটা সাক্ষাৎকাৰত কৈছিল”মই প্ৰায় ৬ বছৰ মান কালামায়্যা(কালামক কালামায়্যা বুলি মাতিছিল।য়্যা মানে ছাৰ) লগত গাড়ী চলাইছিলো।যেতিয়াই দীঘলীয়া যাত্ৰাত যাও তেতিয়া আয়্যাক মই প্ৰায়ে মোৰ আকাংক্ষা বোৰৰ কথা কও তেতিয়াই তেঁও মোক মোৰ অধ্যয়ন পুনৰ আৰম্ভ কৰিবলৈ কৈছিল।তেঁও মোক কোৱা প্ৰতিটো শব্দই ইমান উৎসাহ দিছিল যে মই আগবাঢ়িবলৈ সাহ পাইছিলো” ডি.আৰ.ডি.অ’ত যেতিয়া কালাম কৰ্মৰত আছিল সেইসময়ত তেঁওৰ চালক আছিল কাঠিৰেচন।কালামৰ প্ৰেৰণাই পায় যি জনে দশম শ্ৰেণীত ইংৰাজী বিষয়ত অনুৰ্তীণ হৈছিল সেইজন ড° ভি কাঠিৰেচন এতিয়া এগৰাকী অধ্যাপক হোৱাৰ উপৰিও তেঁও হাতত আছে বি.এ, ২টাকৈ এম.এ ডিগ্ৰ,B.Ed, M.Ed,পি.এইচ.ডি।

Recent Posts

Follow Better & Brighter