Select Page

টাইটানিকৰ ভংগ অংশ বিচাৰিবলৈ গৈ মৃত্যু হোৱা বিশ্বৰ অন্যতম ধনী কেইগৰাকীৰ কাহিনী।

টাইটানিকৰ ভংগ অংশ বিচাৰিবলৈ গৈ মৃত্যু হোৱা বিশ্বৰ অন্যতম ধনী কেইগৰাকীৰ কাহিনী।

সমুদ্ৰৰ অতল গৰ্ভত টাইটানিক চাবলৈ গৈ হেৰাই গল টাইটান।লগতে চিৰদিনৰ বাবে হেৰাল পাঁচজন টাইকোন।অভিশপ্ত টাইটানিক চাবলৈ টাইটান নামৰ সৰু চাবমেৰিনত উঠি গৈছিল ব্ৰিটেইনৰ অতি ধনী পাঁচজন ব্যক্তি।পিছে সাগৰৰ বুকুত সোমোৱাৰ কেইঘণ্টামান পিছতে টাইটান হেৰাই থাকিল।পাছদিন ধৰি সমুদ্ৰৰ গভীৰত অভিযান চলায়ো টাইটান বিচাৰি উলিয়াব পৰা নগল।অৱশেষত গম পোৱা গল টাইটান আৰু নাই,সাগৰ তলীত ৰহস্যময় ঘটনাক্ৰমত চাবমেৰিনখন চিৰা চিৰ হল।বিধিৰ কি লীলা মানুহক লৈ!সাগৰ তলিত উদ্ধাৰ অভিযান চলি থকাৰ সময়তে টাইটানৰ অৱশেষ ওলাল সাগৰৰ পাৰত ।সাধাৰণ মানুহ হলে কথা বেলেগ আছিল।কিন্তু টাইটানত উঠা ব্যক্তিকেইজন আছিল বিশ্বৰ ভিতৰতে আটাইতকৈ ধনী ব্যক্তিৰ অন্যতম।সাগৰ তলৰ এই যাত্ৰাৰ বাবে প্ৰতি জনৰ ভাড়া আছিল 2 কোটিকৈ।এই কৰুণ ঘটনাই আকৌ এবাৰ মানুহৰ অহংকাৰক জোকাৰি গৈছে,বাৰ্তা দিছে আমি প্ৰকৃতিৰ ওচৰত কিমান অসহায়।উপগ্ৰহৰ কেমেৰাৰে আমি বেজী এটাও উদ্ধাৰ কৰিব পৰা হৈ গৈছোঁ বুলি দাবী কৰা হয়।কিন্তু পাছদিনে পাছজনকৈ বিলিয়নাৰ থকা চাবমেৰিন কিন্তু প্ৰয়োজনৰ সময়ত বিচাৰি উলিয়াব নোৱাৰিলে এই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ প্ৰযুক্তিয়ে।ভালকৈ চাবলৈ গলে মানুহ জীৱশ্ৰেষ্ঠতো নহয়েই বৰঞ্চ আন বন্যপ্ৰাণীকৈও আটাইতকৈ প্ৰয়োজনীয় বস্তুৰ ক্ষেত্ৰত পিছপৰাহে।দুটাকৈ ভয়ংকৰ বিশ্বযুদ্ধ পাৰ কৰাৰ পিছতো আজিও দেশবোৰে ইটোৱে সিটোৰ লগত যুদ্ধ কৰো কৰোকে থাকে।আজিও দুখন দেশৰ ৰাষ্ট্ৰ প্ৰধান লগ হলেই প্ৰথম চুক্তি অস্ত্ৰক লয়েই হয়।অথচ অৰণ্যৰ দুটা বাঘে মুখেৰে শব্দ উচ্চাৰণ কৰিব নোৱাকেও অৰণ্যৰ সীমিত ভূমিত নিজ নিজ এলেকা ঠিক কৰি ধুনীয়াকৈ চলি থাকে।আন প্ৰাণীবোৰেও তেনেকৈ যিমান পাৰি সংঘাত এৰাই চলি থাকে।অথচ সকলোধৰণৰ কথা পাতিব জনা মানুহে যুদ্ধ কৰিয়েই আছে,কৰিয়েই আছে।শব্দ নোহোৱাকৈ সংঘাত যে বেয়া বন্যপ্ৰাণীয়ে বুজাব পাৰিছে অথচ কথা কৈও মানুহে নোৱাৰেহে নোৱাৰে বুজাব।আজিও ভূঁইকপ হৈ যোৱাৰ পাছতহে মানুহে জুখিব পাৰে ,ভূঁইকপ কেতিয়া আহিব কব নোৱাৰে।অথচ জীৱজন্তু চৰাইয়ে আগতীয়াকৈ গম পাই যায়।আনকি জীৱন জন্তুয়ে নিজৰ চিকিৎসা কৰিবলৈ আধুনিক মানুহতকৈ বহু বেছি ভালকৈ জানে।তাৰপিছটো আমি নিজক জীৱশ্ৰেষ্ঠ বুলি অহংকাৰৰ আমেজ লওঁ।টাইটানিক,টাইটানৰ মাজেৰে মাজে মাজে প্ৰকৃতিয়ে বাৰ্তা দিয়ে মানুহৰ অহংকাৰ মূল্যহীন।কিন্তু আমি কোনো দিনে নিশিকো।আৰু প্ৰকৃতিক যিকোনো মূল্যৰ বিনিময়ত পৰাস্ত কৰাৰ এই অন্তহীন প্ৰতিযোগিতাই কিন্তু এদিন(শীঘ্ৰেই!)সমগ্ৰ মানৱ জাতিকে যে পৰাস্ত কৰিব সেয়া খাটাং।

মৃত পাচ ব্যক্তি

টাইটান বাহন খন।যিখনত পাচজন ব্যক্তি খন

Recent Posts

Follow Better & Brighter