Select Page

জীৱনৰ শিক্ষা।টকাই জানো সকলো?

জীৱনৰ শিক্ষা।টকাই জানো সকলো?

কি নাছিল তেওঁৰ?টিভি চেনেল,পেপাৰ,বিমান কোম্পানি,বিশ্বৰ আটাইতকৈ দামী হোটেল,ফৰ্মূলা ওয়ান টিম,নিজৰ ক্ৰিকেট টিম ,নেহৰু ষ্টেডিয়ামতকৈ বহুত ডাঙৰ নিজৰ ষ্টেডিয়াম,কৈ শেষ কৰিব নোৱাৰা কিমান যে কি!ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিত সকলোৱে দেখাকৈ জিলিকি আছিল তেওঁৰ কোম্পানীৰ নাম।তেওঁ আঙুলিৰ ইসাৰাত চলাব পাৰিছিল নেতাৰ পৰা অভিনেতালৈ!তেঁওৰ পুত্ৰৰ বিয়া আছিল শতিকাৰে অন্যতম অভিজাত আৰু ব্যয়বহুল বিবাহ।সেই বিয়াত কোন অহা নাছিল,বলিউডৰ তাৰকাৰ পৰা ক্ৰিকেট ষ্টাৰলৈ।সেই বিয়াত নাচিছিল অমিতাভ বচনে,সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী দৰা কইনাক আশীৰ্বাদ দিবলৈ গৈছিল।তেওঁৰ প্ৰতিষ্ঠান টাইম আলোচনীত হেড স্তৰী হৈছিল –ভাৰতীয় ৰেলৱেৰ পিছত সৰ্বাধিক লোকক সংস্থাপন দিয়া প্ৰতিষ্ঠান হিচাপে।

তেঁওৱে আছিল ছাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰায়।১৯৭৮ চনত মাত্ৰ ২০০০ টকাৰে সাধাৰণ এখন ব্যৱসায় আৰম্ভ কৰিছিল।সেই যে আৰম্ভণী কৰিলে কৰিলেই।পিছলৈ উভতি চোৱাৰ যেন অৱকাশে নহ’ল।মাত্ৰ এটা দশকতে থিয় কৰিলে ছাহাৰাৰ দৰে এটা বৃহৎ প্ৰতিষ্ঠান।কিন্তু সেই সুব্ৰত ৰায় ছাহাৰাই মুম্বাইৰ কোকিলাবেন হস্পিতেলত যেতিয়া মৃত্যুৰ ক্ষণ গনিচিল তেতিয়া কাষত পৰিয়ালৰ লোক কেইজনক বাদ দি কোনো নাছিল।ধন লেনদেনৰ জালিয়াতিৰ অভিযোগত কাৰাগৰলৈ যোৱাৰ পৰাই চাহাৰা অকলশৰীয়া হৈ পৰিছিল।বিস্ময়কৰ জীৱ্নযাত্ৰা সামৰি অজান দেশলৈ যাত্ৰা কৰাৰ এসময়ৰ মহাপ্ৰতাপী ব্যক্তিজনৰ মৃত্যুৰ খবৰতো ভাৰত নিউজিলেণ্ডৰ মেচৰ উত্তেজনাৰ মাজত হেৰাই থাকিল।চেলিব্ৰেটিক কোটিটকীয়া পাৰ্টী দি সদায় চৰ্চাত থকা ধন কুবেৰ জনক টুইটাৰত শেষ শ্ৰদ্ধাঞ্জলি দিবলৈও আজি আহৰি নাই সেইসকলৰ।

সুব্ৰত ৰয় চাহাৰাৰ এই উত্থান পতনৰ চিনেমাতকৈ বিস্ময়কৰ কাহিনীয়ে আকৌ এবাৰ সেই কথাকেই কৈছে যে মানুহৰ জীৱনত অহংকাৰৰ কোনো মূল্য নাই।আজি মোৰ ওচৰত থকা ক্ষমতা মানেই সেয়া চিৰস্থায়ী নহবও পাৰে।চাহাৰাৰ জীৱন কাহিনীয়ে কৈছে ভাল সময়ত আপোনাৰ ওচৰত ক্ষমতা আৰু সম্পত্তিৰ বৰষুণত তিতিবলৈ জাকে জাকে মানুহ থকা মানেই এইটো নহয় যে দুৰ্দিনৰ খৰাংটো সেইসকল আপোনাৰ কাষত থাকিব।ছাহাৰাৰ জীৱন কাহিনীয়ে আকৌ কৈছে নিজৰ ক্ৰিকেট ষ্টেডিয়াম অথবা ফৰ্মূলা ওয়ান টিম বনুৱাতকৈও পাঁচ দহ জন সঁচা বন্ধু গঢ়িব পৰাটো জীৱনৰ বেছি ডাঙৰ সফলতা।জীৱনতো দৰ্শনত নচলে,টকা পইচা লাগিবই।আজিৰ তীব্ৰ প্ৰতিযোগিতাৰ সমাজত প্ৰেক্টিকেল হবই লাগিব।কিন্ত হিমালয়সদৃশ টকা পইচা আৰু সম্পত্তি থাকিলেই যে জীৱন সফল সেয়াও কিন্তু কেতিয়াও নহয়।নিজৰ জীৱন কাহিনীৰ মাজেৰে সুব্ৰত ৰয় চাহাৰাই আকৌ এবাৰ দিছে সেই বাৰ্তা!সুব্ৰত ৰায় ছাহাৰা আত্মাই শান্তি পাওঁক।জীৱনটো বৰ বিচিত্ৰ ! টকা পইচা লাগিবই কিন্তু টকা পইচাই যে সকলো নহয় সেই বাৰ্তাও জীৱনে আটাইতকৈ শক্তিশালী মানুহসকলৰ জীৱনৰ মাজেৰেই সময়ে সময়ে দি আহিছে।

Recent Posts

Follow Better & Brighter