Select Page

ছিংৰা(চমুছা) বিক্ৰী কৰি প্ৰতিদিনে ১২ লাখ টকা উৰ্পাজন কৰা বাঙ্গালুৰুৰ এহাল দম্পতী

ছিংৰা(চমুছা) বিক্ৰী কৰি প্ৰতিদিনে ১২ লাখ টকা উৰ্পাজন কৰা বাঙ্গালুৰুৰ এহাল দম্পতী

কামৰ কেতিয়াও সৰু ডাঙৰ নাই।এটোপ দুটোপ পানীৰে যিদৰে নৈ হয়,নৈৰ পৰা সাগৰ হয় সেইদৰে কোনো কামৰ সৰুকৈ আৰম্ভণীয়েও এদিন ডাঙৰ ৰূপ লয় গৈ।তেনে এহাল দম্পতীৰ কাহিনী এইয়া।ছিংৰা(চমুছা) বিক্ৰী কৰি প্ৰতিদিনে ১২ লাখ টকা উৰ্পাজন কৰা বাঙ্গালুৰুৰ এহাল দম্পতী।বছৰি উৰ্পাজন কৰে ৪৫ কোটি।শুনি আচৰিত লগা ঘটনাটো সম্ভৱ কৰি তুলিছে দম্পতী হালে।কৰ্ণাটকৰ শীখৰ বীৰ সিঙ আৰু নিধি সিঙ নামৰ দুয়ো দম্পতীয়ে এই কাম সম্ভৱ কৰি তুলিছে।৫ বছৰ পূৰ্বে দুয়ো এটা ডাঙৰ কোম্পানীত কৰ্মৰত আছিল।কিন্তু হঠাৎ চাকৰি এৰি দুয়ো লাগিছিল চমুছা বিক্ৰীৰ কামত।কেইবাটাও মিডিয়া ৰিৰ্পোটৰ মতে,দুয়োৱে এদিনত বিক্ৰী কৰে ১২ লাখ টকাৰ ছিংৰা।আৰু বছৰি উৰ্পাজন কৰে ৪৫ কোটি টকা।দুয়োৰে বাবে এই যাত্ৰা সহজ নাছিল।প্ৰথম অৱস্থাত মানুহৰ,সমাজৰ দৃষ্টিত বহু কথা শুনিব লগীয়া হৈছিল।সাচতীয়া ধনেৰে আৰম্ভ কৰি লাহে ডাঙৰ কৰিছিল সপোনৰ ব্যৱসায়ৰ সাম্ৰাজ্য খন।এটা সময়ত নিজৰ ঘৰ বিক্ৰী কৰি বাঙ্গালুৰুত ফেক্টৰী কৰি এতিয়া প্ৰতিদিনে ছিঙৰা বিক্ৰী কৰি উৰ্পাজন কৰে ১২ লাখ টকা।ধৈৰ্য,আত্মবিশ্বাসে যে মানুহক সফলতাৰ শীখৰলৈ নিয়ে তাৰেই প্ৰমাণ এই দম্পতী হাল।

Recent Posts

Follow Better & Brighter