Select Page

চুইজাৰলেণ্ডৰ এগৰাকী ভাৰতীয় মূলৰ সাংসদৰ অন্তৰ স্পৰ্শী জীৱন গাথা/A success story of indian origin Swiss MP Nick Samuel Gugger 

চুইজাৰলেণ্ডৰ এগৰাকী ভাৰতীয় মূলৰ সাংসদৰ অন্তৰ স্পৰ্শী জীৱন গাথা/A success story of indian origin Swiss MP Nick Samuel Gugger 

কিমান বিষাদ বুকুত লৈ এগৰাকী মাতৃয়ে নিজ সন্তানক জন্ম দিয়ে এৰি দিব পাৰে?আৰু কিমান মাতৃৰ প্ৰতি মৰম থাকিলে সেই এৰি দিয়া সন্তানটোৱে অকলশৰে পৃথিৱীৰে যুজি নিজক প্ৰতিষ্ঠা কৰি আকৌ সেই মাতৃ জনীকে বিচাৰি আহিব পাৰে?

কাহিনী এইয়া পৃথিৱীৰ এজন অন্যতম ধনী ব্যক্তিৰ।যাক জন্ম দিয়া ৩ দিনৰ পিছতে এৰি দিছিল নিজ মাতৃয়ে।জন্মৰ তিনি দিনত কৰ্ণাটকৰ উদুপীৰ নাৰ্ছৰ হাতত শিশুটিক এৰি মাতৃগৰাকী অন্তৰ্ধান হৈছিল। হাস্পতালত এগৰাকী অচিনাকি নাৰ্ছৰ হাতত ভাগ্য বন্দী হৈছিল জন্মৰ লগে লগে পিতৃ-মাতৃৰ পৰিচয় হেৰুৱাই পেলোৱা শিশুটিৰ। বেছিভাগ ক্ষেত্ৰতে ধৰি লোৱা হয় এনে অৱস্থাত ভৱিষ্যত অন্ধকাৰেই। পিছে শিশুটিৰ ক্ষেত্ৰত তেনে নহ’ল।

ছুইজাৰলেণ্ডৰ এহাল মৰমীয়াল দম্পতীয়ে শিশুটিক তুলি লৈ নিজৰ দেশলৈ লৈ গ’ল। পৰৱৰ্তী সময়ত এঢাপ এঢাপকৈ ইতিবাচক কামেৰে আগবাঢ়ি নিকোলাছ চেমুৱেল গুগাৰ নাম পোৱা শিশুটি পৃথিৱীৰ সবাতোকৈ সুখী,ধনী দেশখনৰ সংসদৰ সদস্য পদ পালেগৈ । পিছে এয়া কাহিনীৰ শেষ নহয়, আৰম্ভণিহে। অলপতে ‘টাইমছ অৱ ইণ্ডিয়া’ কাকতত এক ইণ্টাৰভিউত ভাৰতলৈ অহা নিকোলাছক সোধা হৈছিল- জন্মতে আপোনাক মাতৃয়ে এৰি গৈছিল। কথাটো ভাবিলে এতিয়া কেনে লাগে। তেতিয়া নিকোলাছে কৈছিল- মোৰ মাতৃ কেনেকুৱা আছিল মই নাজানো, মাতৃয়ে মোক জন্মৰ লগে লগে এৰি থৈ গ’ল। কিন্তু মই ভাবো। তেওঁ অতিকৈ সাহসী আছিল। নিজৰ গৰ্ভৰ সন্তানক কিমান বাধ্যতা হ’লে এনেকৈ এৰি থৈ যাব পাৰি মই বুজি পাইছো। মোক নমাহ গৰ্ভত ৰাখি মাতৃয়ে সুৰক্ষা দিছে, জন্ম দিছে। মই মাতৃৰ প্ৰতি কৃতজ্ঞ, মোৰ কোনো ক্ষোভ নাই। এই বিশাল ব্ৰহ্মাণ্ডত আমি হয়তো কেতিয়াবা আকৌ লগ হ’ম। তেতিয়াই মই মাতৃৰ মৰমৰ উম ল’ম।

তিনিদিনতে মাতৃহাৰা, আজিৰ অতিকৈ সফল নিকোলাছৰ এই উত্তৰ শুনি হয়তো বহুতৰে চকুপানী ওলাব। সঁচাই কিমান অসহায়, কিমান বাধ্য হ’লে এগৰাকী মাতৃয়ে সন্তানক এৰি থৈ যাব পাৰে? আজিকালি অসমৰ সংবাদ মাধ্যমতো দৰিদ্ৰতাৰ বাবে সন্তানক এৰি যে যোৱা, বিক্ৰী কৰা বাতৰি সঘনাই আহিব ধৰিছে। এবাৰ ভাবি চাওকচোন কিমান জটিল পৰিস্থিতি হ’লে ,দৰিদ্ৰতা কিমান পৰ্যায়লৈ গ’লে, কিমান অসহায় হ’লে এগৰাকী মাতৃয়ে এনে কঠোৰ সিদ্ধান্ত ল’ব পাৰে! বিশ্বাস কৰকেই বা নকৰক আজিৰ সমাজত টকা-পইচা, অৰ্থনৈতিক উন্নয়নৰ যিমান প্ৰয়োজন তাতকৈ বহুগুণে বেছি প্ৰয়োজন অকণমান সহানুভূতি, মৰমেৰে ঘটনাবোৰ চোৱাৰ দৃষ্টিভংগীৰ।এই যে এগৰাকী মাতৃয়ে সন্তানক বিক্ৰী কৰি থৈ যোৱা পৰিস্থিতি হোৱাৰ বাবে অকল মাতৃগৰাকী নহয়, গোটেই সমাজখনেই ক’ৰবাত নহয় ক’ৰবাত দায়ী নহয় নে? মনবোৰ সকলোৰে মাতৃৰ প্ৰতি এতিয়াও সমান মৰম ৰখা নিকোলাছৰ দৰে হওক। ভাৰতীয় চুইছ সাংসদজনে নিজৰ সন্তানৰ নাম ‘ভাৰতীয়’ ৰাখিছে। নিজৰ জ্যেষ্ঠ কন্যাৰ নাম মাতৃৰ হাস্পতালত পঞ্জীয়ন হৈ থকা নাম অনুচুয়াৰ নামেৰে ৰাখিছে। সকলোৰে মনবোৰ নিকোলাছৰ দৰে হওক।আমিও তাৰেই কামনা কৰিলো।

Recent Posts

Follow Better & Brighter