Select Page

গুৱাহাটীৰ এটা পৰিয়ালৰ ৩ অসমীয়া বোৱাৰীৰ অসমীয়া গিৰি

গুৱাহাটীৰ এটা পৰিয়ালৰ ৩ অসমীয়া বোৱাৰীৰ অসমীয়া গিৰি

একে পৰিয়ালৰে তিনি গৰাকী বোৱাৰীৰ প্ৰকৃত অসমীয়া গিৰি।যি সময়ত আমাৰ সমাজত যৌথ পৰিয়ালৰ ধাৰণা নোহোৱা হৈছে সেই সময়ত গুৱাহাটীৰ দৰে আধুনিক জীৱন অতিবাহিত কৰা সমাজ খনত একেটা পৰিয়ালৰ ৩ গৰাকী বোৱাৰী লগ লাগি যি আৰ্দশ দেখুৱাইছে সেইয়া সচায় প্ৰশংসা কৰিব লগীয়া।একেখন ঘৰৰে তিনিজনী বোৱাৰী ক্ৰমে নৱনীতা,পৰিস্মিতা আৰু কৰিশ্মাই আৰম্ভ কৰিছে এখন অসমীয়া খাদ্য সম্ভাৰে  ভৰা হোটেল।নাম থৈছে হোটেল খনৰ ‘কলপাতত খাৰলি’।তিনিও গৰাকী বোৱাৰীয়ে বি এ পাছ।পুৱাই তিনিও ওলায় আহি নিশাহে ঘৰলৈ যায় গৈ।অসমীয়া থলুৱা প্ৰতিটো খাদ্যই তেঁওলোকৰ হোটেলত উপলদ্ধ।যি সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতি গৰাকী অসমীয়াক কৰ্মমুখী হ’বলৈ আহ্বান জনাইছে সেই সময়ত তিনিও গৰাকী প্ৰয়াসে কৰ্ম সংস্কৃতিৰ এক নিৰ্দশন দাঙি ধৰিছে।

আজিৰ দৰে ব্যস্ত,তথা আধুনিক সমাজত এনেদৰে জা-জোৱালী একেখন ঘৰতে ইমান মিলা প্ৰীতিৰে থকা নিৰ্দশন একেবাৰে দুৰ্লভ।বিভিন্ন কাৰণত একেখন ঘৰতে থকাৰ পৰিৰ্ৱতে পৃথকে পৃথকে থকা দেখা যায়।যাৰ বাবে বহু সৰ্ম্পকত ঘূণে ধৰাৰ লগতে একাংশই নিজৰে জন্মদ্ৰাত্ৰী পিতৃ-মাতৃকো এৰি দিয়ে।তেনে বহু উদাহৰণ আছে।কিন্তু নৱনীতা,পৰিস্মিতা,কৰিশ্মাৰ এই মিলা প্ৰীতিৰে সচায় একতাৰ এক নিৰ্দশন দাঙি ধৰিছে।তিনিও বোৱাৰীৰ মতে’ আমি কেতিয়াও জা-জোৱালীৰ দৰে নাথাকোৱে।আমি সদায় একেখন ঘৰৰে বাই ভনীৰ দৰে থাকো।”

এতিয়া আপুনিও যদি কেতিয়াবা গুৱাহাটীলৈ আহি এসাজ ভালকৈ পেট পূৰাই খাব বিচাৰে তেনেহ’লে আহক গণেশগুৰিৰ পৰা হেঙেৰাবাৰীলৈ অহা পথত থকা কলপাতত খাৰলিলৈ।

Recent Posts

Follow Better & Brighter