Select Page

কেৱল টকাই মানুহক সুখী কৰিব পাৰেনে?

কেৱল টকাই মানুহক সুখী কৰিব পাৰেনে?

কেৱল টকাই মানুহক সুখী কৰিব পাৰেনে? আজি আপোনাৰ হাতত ৫কোটি টকা থকা মানে আপুনি ধনী হৈ পৰা বুলি কব পাৰিনে? কাহিনী KAUN BANEGA CROREPATI ৰ হিৰো সুশীল কুমাৰৰ ।২০১১ চনত KBC ত ৫কোটি জিকি সমগ্ৰ দেশত hero হৈ পৰিছিল বিহাৰৰ সুশীল । অমিতাভ বচনৰ পৰা পৰা ৫ কোটি লোৱা দৃশ্যৰ পিছত সুশীল এনেকুৱা CELIBRITY
হৈ পৰিছিল যে এমাহত ৫০০০ কাৰ্য্যসূচীত ভাগ লব লগা হৈছিল।পাঁচ কোটিৰ নিচাই সুশীলক মদ চিগাৰেট আৰু বহু বদ নিচা উপহাৰ‌ দিলে। নজনা বহু বেপাৰ কৰি ঠগ খাই খাই দুবছৰৰ ভিতৰতে সুশীল দেউলীয়া হল।আমোদজনক কথাটো হল সুশীল কোটিপতি হোৱাৰ খবৰ যিদৰে বিয়পিছিল তাতকৈ বেগত বিয়পিছিল দেউলীয়া হোৱাৰ খবৰ। সুশীল কোটিপতি হোৱাৰ সময়ত মনে মনে থকা সকলে জুতি লৈছিল দেউলিয়া হোৱাৰ খবৰ।পাঁচ কোটিৰ নিচাত সুশীলে পত্নী পৰিয়াল আনকি নিজকো হেৰুৱাই‌ পেলাইছিল।এই গোটেই বিপৰ্যয় হোৱাৰ পিছত সুশীলে নিজক আৰু জীৱনক নতুনকৈ আৱিষ্কাৰ কৰিলে।গোটেই কাহিনী বৰ্ণনা কৰি সুনীলে ছচিয়েল মিডিয়াত লিখিছে —–
সকলো হেৰুওৱাৰ পাছত মই নিজক বুজি পাবলৈ সক্ষম হৈছো। ৫ কোটি টকাৰ বাবে মোৰ কোনো আফচোচ নাই। ৫ কোটি হেৰুৱাই মই যি অভিজ্ঞতা লাভ কৰিছো সেৱা অনন্য। মই এতিয়া সৰু স্কুল এখনত পঢ়াও। পৰিবেশ সংৰক্ষন ৰ বাবে কাম কৰো। মই শান্তি ঘূৰাই পাইছো,জীৱন ঘূৰাই পাইছো। মোৰ হাতত এতিয়া ৫ কোটি টকা নাই। চলিব পৰাকৈ অকণমান উপাৰ্জন কৰো। কিন্ত মোৰ লগত আছে সুখ-শান্তি , বুজাব নোৱাৰা প্ৰাপ্তি যাক মই ভাষাৰে বুজাব নোৱাৰো, কেৱল অনুভব হে কৰিব পাৰো।
এই ‌কাহিনী পঢ়ি ময়ো অনুভৱ কৰিছো এই ‌কাহিনী কেৱল সুশীল কুমাৰৰে কাহিনী নহয় আমাৰ সকলোৰে কাহিনী

Recent Posts

Follow Better & Brighter