Select Page

এলবাৰ্ট আইনষ্টাইনতকৈও প্ৰখৰ বুদ্ধি সম্পন্ন ভাৰতৰ এগৰাকী শিশু বিজ্ঞানী/Story of indian young scientist Rishi Shiv Prasana

এলবাৰ্ট আইনষ্টাইনতকৈও প্ৰখৰ বুদ্ধি সম্পন্ন ভাৰতৰ এগৰাকী শিশু বিজ্ঞানী/Story of indian young scientist Rishi Shiv Prasana

      বিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনতকৈও প্ৰখৰ বুদ্ধি সম্পন্ন ভাৰতৰ এগৰাকী শিশু বিজ্ঞানী।যি সময়ত শিশুৱে ক খ ABCD… শিকে সেই সময়ত এই কণমানি ভাৰতীয় বিজ্ঞানীয়ে এনে কিছু আৱিস্কাৰ কৰিছে যাৰ বাবে এতিয়া শিশু বিজ্ঞানী জনৰ নাম উজ্জ্বলিছে চৌদিশে।মাত্ৰ ৮ বছৰ বয়সতে আবিস্কাৰ কৰিছে ৩টাকৈ মোবাইল এপ।লিখি উলিয়াইছে কেইবাখনো কিতাপ।

নাম তেওঁৰ ঋষি শিৱ প্ৰসন্ন।বাঙ্গালুৰুৰ ঋষি শিৱ প্ৰসন্নৰ প্ৰসন্নৰ IQ এলবাৰ্ট আইনষ্টাইনকৈও অধিক।এলবাৰ্ট আইনষ্টাইনৰ  IQ আছিল ১৬০ আৰু ঋষিৰ IQ ১৮০।ঋষিয়ে।ইমানেই নহয় ঋষি ‘মেনছা ইন্টাৰনেশ্বনেল ছ’চাইটিৰ’ আটাইতকৈ কনিষ্ঠতম সদস্য।”মেনছা” হৈছে পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি IQ থকা লোকৰ নাম থকা এখন সমাজ।৮ বছৰ বয়সতে ঋষিয়ে শিক্ষাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ সাজি উলিয়াছে ৩ টাকৈ মোবাইল এপ।এপ কেইটা হৈছে IQ test App, Countries of the world,CHB.

    আনহাতে ৮ বছৰীয়া ঋষি এজন সু লেখকো।৮ বছৰ বয়সতে লিখি উলিয়ালে দুখনকৈ গ্ৰন্থ।গ্ৰন্থ দুখন হৈছে Learn Vitamins with Harry Potter আৰু Elements of Earth ।ঋষিৰ এনে প্ৰতিভাৰ বাবে তেওঁক প্ৰদান কৰা হয় ২০২৩ বৰ্ষৰ “প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ”।৩ বছৰৰ বয়সত যেতিয়া আন শিশুৱে বৰ্ণমালা শিকে সেই সময়ৰে পৰা ঋষিয়ে অধ্যয়ন কৰি আহিছে ব্ৰহ্মাণ্ড,গ্ৰহ-নক্ষত্ৰ আদিৰ ৰহস্যৰ বিষয়ে।

Recent Posts

Follow Better & Brighter