Select Page

এভাৰেষ্টক পৰাস্ত কৰিবলৈ গৈ পৰাস্ত হোৱা এজন পৰ্বতাৰোহীৰ জীৱন কাহিনী/An inspirational story of a hero.

এভাৰেষ্টক পৰাস্ত কৰিবলৈ গৈ পৰাস্ত হোৱা এজন পৰ্বতাৰোহীৰ জীৱন কাহিনী/An inspirational story of a hero.

জানেনে এই পৃথিৱীত মানুহৰ মনটোতকৈ ওখ বস্তু একো নাই।ইমানে ওখ হ’ব পাৰে মানুহৰ মনটো যে বহ্মাণ্ডৰ পৰিসীমাকো অতিক্ৰম কৰিব পাৰে।তেনে এটা কাহিনী আছিল পৃথিৱীৰ উচ্চতম গিৰিশৃংগ গৌৰিশংকৰ আৰোহণ কৰা এটা দল।অৱশ্যে দলটোৱে গৌৰিশংকৰক জয় কৰিব নোৱাৰিলে।ভয়ংকৰ বৰফৰ ধুমুহাই দলটোৰ বহু কেইজনক নি কৰবাত পুটি পেলালে।কিমান পৰ্বতাৰোহীৰ যে সপোন থাকে এদিন গৌৰিশংকৰক জয় কৰা।জীৱনক মৃত্যুৰ কোলাত থৈ কিমান পৰ্বতাৰোহী গৌৰিশংকৰত বগাবলৈ গৈ মৰিল তাৰ হিচাপ নাই।তথাপিও মানুহে নেৰে।মৰিবলৈও ভয় নকৰি বাৰে বাৰে গৌৰিশংকৰ বগাবলৈ যোৱা এটা দলৰ জৰ্জ মেলৰি নামৰ এজন সাংবাদিকে সুধিলে “মৰিবলৈও ভয় নকৰি আপোনালোকে বাৰে বাৰে তাত বগাবলৈ কিয় দৌৰি যায়?”

মেলৰি উত্তৰ “Beacuse it is there”
এইবুলি দুবাৰকৈ বিফল হৈ তৃতীয় বাৰ মেলৰিয়ে লগৰীয়া সৈতে গৈছিল এভাৰেষ্ট জয় কৰিবলৈ।কিন্তু দুখৰ বিষয় সেইবাৰ হোৱা ভয়ংকৰ বৰফৰ তুষাৰ পাতত মেলৰিকে ধৰি দলটোৰ বহু কেইজনক বৰফে জীৱন্তে গৌৰিশংকৰৰ বুকুত সমাধি গঢ়িলে।

বহু দিনৰ অন্তত এদিন মেলৰি আৰু তেঁওৰ সৰ্তীথ সকলৰ মৃতদেহ উদ্ধাৰ কৰি লণ্ডনত এখন শোকসভা অনুষ্ঠিত কৰিলে।তাত সেই অভিযানত অংশ লৈ মৃত্যু নোহোৱা কেইবাগৰাকীও পৰ্বতাৰোহীক নিমন্ত্ৰণ জনোৱা হয়।যিটো হলত শোকসভা অনুষ্ঠিত হৈছিল তাত হলটোৰ মঞ্চৰ সন্মুখৰ বেৰখনত উলমি আছিল এভাৰেষ্ট বগাবলৈ গৈ মৃত্যু হোৱা জৰ্জ মেলৰিৰ লগতে আন বহু কেইজনৰ ফটো।আৰু মঞ্চৰ পিছ ফালৰ বেৰ খনত আছিল এভাৰেষ্টৰ এখন বিশাল ফটো।সভাৰ মাজতে দুষাৰ কোৱাৰ পাল পৰিল সেই অসফল অভিযানটোত গৈ কোনো মতে বাচি অহা এজন পৰ্বতাৰোহীৰ।পৰ্বতাৰোহী জন মঞ্চত উঠি প্ৰথমে সন্মুখৰ বেৰখনত উলমি থকা মৃত্যু হোৱা সৰ্তীথ সকলৰ ফটো কেইখন এবাৰ চায় পিছলৈ উভতি এভাৰেষ্টৰ ফটো খনলৈ চায়।তাৰ পিছত তেঁওৰ মুখৰ পৰা ওলাল কেইটামান শব্দঃ-
“এভাৰেষ্ট তুমি আমাক এবাৰ দুবাৰ নহয় তিনিবাৰ পৰাজয় কৰিলা।কিন্তু আজি মই পৃথিৱীৰ সাহসী পৰ্বতাৰোহী আৰু আহিব লগীয়া পৰ্বতাৰোহী সকলৰ হৈ এষাৰ কথা কও শুনা।আমি এদিন তোমাক পৰাস্ত কৰিমেই।কাৰণ তুমি আজি যিমান ওখ হৈ থিয় দি আছা ভৱিষৎতলৈ আৰু তাতকৈ ওখ হ’ব নোৱাৰিবা।পিছে আমি মানুহ সদায় ওখ হৈ গৈ থাকিম”

সেই পৰ্বতাৰোহী জনৰ কথা এদিন আখৰে আখৰে ফলিয়ালে।১৯৫৩ চনত এভাৰেষ্টক জয় কৰিলে এডমাণ্ড হিলাৰী আৰু টেনজিং নৰ্গেই নামৰ দুই পৰ্বতাৰোহীয়ে।

Recent Posts

Follow Better & Brighter