Select Page

এটা সঁচা প্ৰেমৰ কাহিনী/A story of true love

এটা সঁচা প্ৰেমৰ কাহিনী/A story of true love

জীৱনলৈ কেতিয়াবা ধুমুহা আহিলে ভ্ৰিনিৰ দৰে  আপোন জন যদি কাষত থাকে তেনেহলে ধুমুহাজাকে অলপো ক্ষতি কৰিব নোৱাৰে।৮ বছৰীয়া প্ৰেমৰ অন্তত বিবাহেৰে হিটম আৰু ভ্ৰিনিয়ে আগবাঢ়িছিল সাত জনমলৈ এক হ’বলৈ

কিন্তু বিয়াৰ এমাহ পূৰ্বে হঠাৎ এদিন হিটম এটা ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়।দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে মগজুৰ ভিতৰত কেইবা ঠাইটো আঘাট পায় অনিদিষ্ট কাললৈ কোমাত আক্ৰান্ত হয় হিটম।মূৰ্হুততে যেন ভ্ৰিনি,হিটমৰ সকলো সপোন শেষ হৈ গৈছিল।চিকিৎসকো নিশ্চিত নাছিল যে হিটম এদিন সুস্থ হৈ উঠিব।কিন্তু দুয়োৰে প্ৰেমত শক্তি,বিশ্বাস,আশা আছিল।

৩ মাহৰ পিছত এদিন হঠাৎ হিটম কোমাৰ পৰা উভতি আহিল।কিন্তু তেতিয়া সকলো সলনি হৈছিল।প্ৰায় ৩০ কেজি ওজন হেৰুৱা হিটমৰ চেহেৰাও বহু সলনি হ’ল।তেতিয়াও শেষ হোৱা নাছিল দুয়োৰে সংগ্ৰাম।কোমাৰ পৰা সুস্থ হৈ উঠিছিল যদি ভ্ৰিনিৰ পৰিয়ালৰ লোক অমান্তি হৈছিল হিটমলৈ বিয়া দিবলৈ।হিটমৰ জীৱনৰ আটাইতকৈ কঠিন সময়খিনিত কাষত থকা ভ্ৰিনিৰ প্ৰেম আছিল অন্তৰৰ।সেইবাবে হয়টো পৰৱৰ্তী সময়টো হিটমৰ কাষৰ পৰা আতৰিব পৰা নাছিল ভ্ৰিনি।তাৰ পিছত দুয়োৰে জীৱনলৈ অহা প্ৰতিটো প্ৰত্যাহ্বান মুখামুখি কৰিছিল দুয়ো একেলগে।অৱশেষত সকলো বাধা উফৰাই ২০২২ চনত দুয়ো আৱদ্ধ হ’ল বিবাহ পাশত।

এনেকৈ যেন প্ৰেমৰ ওচৰত হাৰ মানিলে পৰিস্থিতিয়ে অনা কঠিন প্ৰত্যাহ্বানো।আপোনাৰ জীৱনটো যদি ভ্ৰিনিৰ দৰে এগৰাকী সংগী আছে তেনেহলে জীৱন যুঁজত আপুনি কোনো কালেই নাহাৰে।এনেকৈ যেন প্ৰেমৰ ওচৰত হাৰ মানিলে পৰিস্থিতিয়ে অনা কঠিন প্ৰত্যাহ্বানো।আপোনাৰ জীৱনটো যদি ভ্ৰিনিৰ দৰে এগৰাকী সংগী আছে তেনেহলে জীৱন যুঁজত আপুনি কোনো কালেই নাহাৰে।

Recent Posts

Follow Better & Brighter