Select Page

এজন বাছ চালকৰ পুত্ৰ হোৱাৰ কাহিনী|A sucess stroy of a Bus driver’s Son

এজন বাছ চালকৰ পুত্ৰ হোৱাৰ কাহিনী|A sucess stroy of a Bus driver’s Son

এই পৃথিৱীত মানুহৰ বাবে যেন অসম্ভৱ বুলি একোৱে নাই।জীৱনত কিবা এটা কৰাৰ সপোন দেখি প্ৰৱল ইচ্ছা শক্তিৰে সফল হমেই বুলি যেতিয়া আগবঢ়া যায় তেতিয়া যেন বাটত যিমান বাধা আহিলেও সপোন বাস্তৱত ৰূপায়ণ কৰাত কোনেও ৰুধিব নোৱাৰে।তেনে সপোন বাস্তৱ কৰি IAS বিষয়া হোৱা এজন অতি দৰিদ্ৰ ঘৰৰ যুৱক হৈছে মইন আহমেদ,যি এইবাৰ বাচনি হৈছে UPSC ৰ IAS তালিকা।মইনৰ পিতৃ পেছাত এজন বাছ চালক।

উত্তৰ প্ৰদেশৰ বেৰেইলিৰ মইনে দ্বাদশ পৰীক্ষা সুখ্যাতিৰে উৰ্ত্তীণ হৈ দিল্লী বিশ্ববিদ্যালয়ত পঢ়াৰ সুযোগ পাইছিল যদি ঘৰৰ আৰ্থিক অৱস্হা একেবাৰে সুচল নোহোৱাৰ বাবে দিল্লী বিশ্ববিদ্যালয়ত পঢ়াৰ যি আশা তাত চেঁচা পানী পৰে।বাছ চালক পিতৃৰ ক্ষমতা নাছিল পুত্ৰক দিল্লী বিশ্ববিদ্যালয়ত পঢ়োৱাৰ।সুখ্যাতিৰে উৰ্ত্তীণ হৈ কেইবাটাও বেংকত পঢ়াৰ বাবে ঋণ বিচাৰি গৈছিল যদিও কোনো বেংকে ঋণ দিয়া নাছিল।কিন্তু ভাগি পৰা নাছিল মইন।

নিজৰ সপোন পূৰাবলৈ অৱশেষত দিল্লীলৈ আহিছিল মইন।প্ৰথমে মোৰাদাবাদৰ এখন চাইবাৰ কেফেট যোগদান কৰে মইনে।সমান্তৰাল ভাৱে ডিগ্ৰী পঢ়াৰো আৰম্ভ কৰিলে।এফালে কেফেট কাম কৰি পোৱা ধনৰে কিছু অংশ ঘৰৰ পৰিয়াল চলাই আৰু বাকী থকা ধন সাচি থৈছিল সপোন পূৰাবলৈ।

এইদৰে যেতিয়া মইনে মাহে ৪০ হাজাৰকৈ ধন উৰ্পাজন কৰিবলৈ ললে তেতিয়া এদিন কেফেটত কাম এৰি আৰু এখোজ আগবাঢ়িল সপোনৰ দিশে।মইনে তেতিয়া ২.৫ লাখৰ টকাৰ এটা ঋণ লৈ আৰম্ভ কৰিলে UPSC পৰীক্ষাত বঢ়াৰ পৰিকল্পনা।কিন্তু মইনৰ সেই সিদ্ধান্তক সৰ্মথন কৰা নাছিল পিতৃয়ে।আনহাতে পৰিয়ালৰো একাংশই কৈছিল ইমান ভাল দৰ্মহাৰ এটা কাম এৰি দিয়াটো কেৰিয়াৰৰ ছুচাইডৰ দৰে সিদ্ধান্ত।কিন্তু সেইবোৰ কথালৈ অলপো কাণ নিদি নিজৰ কাম কৰি গৈছিল মইনে।
প্ৰথম দুটাকৈ প্ৰয়াসত বিফল হোৱা মইনে ২০১৯ চনত তৃতীয়টো প্ৰয়াসত পাছ কৰে UPSC।২৯৬ সংখ্যক ৰেং লাভ কৰিবলৈ সক্ষম হয় মইন।২০২২ বৰ্ষ হোৱা বাচনি তালিকাত IAS বিষয়া ৰূপে নাম অৰ্ন্তভুক্ত হয় মইনৰ।
বহু সময়ত দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজিব নোৱাৰি বহুতে জীৱনৰ ওচৰত হাৰ মানে,সপোন সপোন হৈ থাকে।কিন্তু অলপ সাহস গোটায় দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজিবলৈ যি জনে সাহস গোটায় তেতিয়াই যেন দৰিদ্ৰাই ও হাৰ মানে সপোনৰ ওচৰত,জীৱনৰ ওচৰত।

Recent Posts

Follow Better & Brighter