Select Page

এগৰাকী মহিলা IAS বিষয়াৰ সফলতাৰ কাহিনী/success story of IAS officer Komal Ganatra’s

এগৰাকী মহিলা IAS বিষয়াৰ সফলতাৰ কাহিনী/success story of IAS officer Komal Ganatra’s

বিবাহৰ মাত্ৰ ১৫ দিনৰ পিছতে স্বামীয়ে এৰি দিছিল তেঁওক।জীৱনৰ কঠিন সময় খিনিত বিচলিত নহৈ নিজক স্বম্ভালী অৱশেষত তেঁও UPSC  ত পাছ কৰি হ’ল এগৰাকী IAS বিষয়া।বহু লোকৰ জীৱনলৈ কেতিয়া অনাবিল সুখৰ সময় আহে যদিও সেই সুখ বোৰৰ লগতে এনে দুখৰ সময়ো আহে যিয়ে ব্যক্তিৰ জীৱন অন্ধকাৰ কৰি তোলে।জীৱনলৈ অহা এনে অন্ধকাৰ সময় খিনিতে বহুতে পোহৰৰ বাট উলিয়াবলৈ সক্ষম হয় যদিও আন বহুতে জীৱনৰ ওচৰত হাৰ মানে।

এনে অন্ধকাৰ সময়ত নিজক স্বম্ভালী জীৱন গঢ়া এগৰাকী মহিলা হৈছে কৌমল গণাত্ৰা।বিয়াৰ ১৫ দিনৰ পিছতে কৌমলক এৰি দিছিল তেঁওৰে স্বামীয়ে।তাৰ পিছতে যেন ভাগি থান বান হৈছিল কৌমলৰ জীৱন সপোন সকলো।২৬ বছৰ বয়সত কৌমল বিবাহ পাশত আৱদ্ধ হৈছিল নিউজিলেণ্ডত কৰ্মৰত এজন এন আৰ আই যুৱকৰ লগত।বিবাহৰ পিছত প্ৰতি গৰাকী যুৱতীৰে থাকে এখন নতুন  ঘৰত,এক নতুন জীৱনৰ, কত যে নতুন সপোন।ব্যতিক্ৰম নাছিল কৌমলৰ ক্ষেত্ৰটো।কৌমলেও দেখিছিল বহু নতুন সপোন।

কিন্তু সেই সপোন বোৰৰ আয়ুস আছিল মাথো ১৫ দিনলৈ।কিয়নো বিয়াৰ ১৫ দিনৰ পিছতে কৌমলক এৰি দিছিল তেঁওৰ স্বামীয়ে।যৌতুকৰ বাবে কৌমলক ঘৰৰ পৰা উলিয়াই দিছিল স্বামীয়ে।এইদৰে স্বামীয়ে তাইক এৰি থৈ গুচি গৈছিল পুনৰ নিউজিলেণ্ডলৈ।বহু দিন কৌমলে বাট চালে যদিও উভতি নাহিল স্বামী।বিয়াৰ মাত্ৰ ১৫ দিনৰ পিছত বিচ্ছেদৰ বিষাদ কি সেইয়া হয়টো তেঁও হে বুজিছিল।

       কিন্তু জীৱনৰ এনে কঠিন সময় খিনিত তেঁও সিদ্ধান্ত ললে তেঁও নিজক শক্তিশালী কৰাৰ।কৌমলে সিদ্ধান্ত ললে এগৰাকী IAS বিষয়া হোৱাৰ।তাৰ বাবে দিনে নিশাই প্ৰস্তুতি চলায় বহিল UPSC পৰীক্ষাত।কঠিন পৰীক্ষাটোত কৌমলে প্ৰথম প্ৰয়াসতে সফল হয়।বৰ্তমান কৌমল এগৰাকী Indian Revenue Service ৰ এগৰাকী বিষয়া।

Recent Posts

Follow Better & Brighter