Select Page

ঈগলৰ কেইটা মানে গুণে আপোনাৰো জীৱন সলাব।

ঈগলৰ কেইটা মানে গুণে আপোনাৰো জীৱন সলাব।

জীৱনত যদি হ’ব খুজিছে ঈগলৰ দৰে হওক।পৰাপক্ষত ভাটৌ নহ’ব।ঈগলৰ জীৱনৰ কেইটামান কথা মনত ৰাখক।জীৱনত বহু শিক্ষা,সাহস পাব আপুনি ঈগলৰ এই কথা কেইটাৰ পৰা।

১।ঈগল সদায় অকলে উৰে।ঈগল যিমান ওপৰলৈকে উৰে সিমান ওপৰলৈকে আন কোনো পক্ষী উৰিবই নোৱাৰে।কোনো সৰু সুৰা নাইবা বেলেগ পক্ষীৰ লগত ঈগলে কেতিয়াও বন্ধুত্বও নকৰে আৰু একেলগে উৰিবও নিবিচাৰে।সেইহে ঈগল সদায় শূণ্য আকাশত অকলে উৰে।ইয়াৰ পৰা এইটো বুজিব পাৰি যে আপুনি পাৰিলে অকলেই থাকক।অকলেই যুজিব যেতিয়া আপুনি যুজিব তেতিয়া আপুনি আপোনাক বুজিব পাৰিব।আপুনি গম পাব তেতিয়া আপোনাৰ শক্তিৰ বিষয়ে।

২।যেতিয়া ধুমুহা-বৰষুণ আহে তেতিয়া বাকী সকলো চৰাই গছৰ ডালত,পাতৰ আৰঁত আশ্ৰয় লয়।কিন্তু ঈগল তেনে নকৰে।ঈগলে সেই ধুমুহাৰ মাজেৰে উৰি গৈ মেঘৰ ওপৰত আশ্ৰয় লয়গৈ।সমস্যা আপোনাৰ জীৱনলৈ বহু আহিব।আপুনি কেনেকৈ মুকাবিলা কৰে সেইয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব।প্ৰতিটো সমস্যাৰে সমাধান আছে।সমাধানটোক উলিয়াবলৈ চেষ্টা কৰা।যিদিনা সমাধান ওলাব সেইদিনা সমস্যাই গম পায় যাব তুমি কি বস্তু।

৩।ঈগলে কেতিয়াও নিজৰ পোৱালী কেইটাই সুখত থাকিব পৰাকৈ বাহটো নাসাজে।বাহত থকা সকলো কোমল ঘাঁহ বন আতৰাই জেং,জাৱৰ আদিৰে সজাটো বনায়।যাতে পোৱালী কেইটাই সুখত থাকিব নোৱাৰে।ঈগলেও জানে সৰুৰ পৰাই যদি সিহঁতক সুখত থাকিবলৈ দিয়া হয় তেতিয়া সিহঁতে এদিন এলেহুৱা হৈ নিজক শক্তিশালী কৰিব নোৱাৰিব।সংগ্ৰামেহে আচলতে জীৱনত মানুহক শক্তিশালী কৰিব পাৰে সেইয়া অনুমান ঈগলৰ সজাটোৰ পৰাই জানিব পাৰি।

৪।ঈগলৰ দৃষ্টিশক্তিৰ সমান শক্তিশালী দৃষ্টিশক্তি আন কাৰোৰে নাই।৫ কিলোমিটাৰ পৰ্যন্ত দূৰত্বত লৈকে থকা চিকাৰকো ঈগলে লক্ষ্য কৰি লব পাৰে।যেতিয়া ঈগলে সেই লক্ষ্য এবাৰ স্থিৰ কৰি লয় তেতিয়া তাক পাবলৈ বাটত হাজাৰ বাধা আহিলেও নেওচি তাক হাচিল কৰিবই।ইয়াৰ পৰা বুজিব পাৰি যে আপুনি আপোনাৰ লক্ষ্য সদায় স্থিৰ ৰাখক আৰু তাক পাবলৈ যোৱাৰ পথত হাজাৰ বাধা পালেও ঈগলৰ দৰে পিছলৈ নাহি আগবাঢ়ি যাওক।

৫।ঈগলে কেতিয়াও মৰা জন্তুৰ মাংস নাখায়।প্ৰয়োজন হলে ঈগলে নোখোৱাকৈ থাকিব তথাপিও ঈগলে মৰা বস্তু নাখায়।আমি মানুহো ঈগলৰ দৰেই হ’ব লাগে।কেতিয়াও পাৰ হৈ যোৱা বেয়া অতীতবোৰক মনলৈ আহিব দিব নালাগে।সেইবোৰক অতীতৰ সেই ঠাইতে এৰি আহি আজিৰ কথা চিন্তা কৰিব লাগে।

Recent Posts

Follow Better & Brighter