Select Page

আপুনি যদি জীৱনত কোনো প্ৰত্যাহ্বানৰ মুখামুখি কৰিব পৰা নাই তেনেহলে পঢ়ক নেপ’লিয়ন বোনাপাৰ্টৰ এই অনুপ্ৰেৰণামূলক কাহিনী।

আপুনি যদি জীৱনত কোনো প্ৰত্যাহ্বানৰ মুখামুখি কৰিব পৰা নাই তেনেহলে পঢ়ক নেপ’লিয়ন বোনাপাৰ্টৰ এই অনুপ্ৰেৰণামূলক কাহিনী।

আপুনি যদি কেতিয়া আপোনাৰ সন্মুখত থিয় দিয়া কঠিন প্ৰত্যাহ্বানটোৰ মোকাবিলা কৰিব পৰা নাই তেতিয়া নেপ’লিয়ন বোনাপাৰ্টৰ এই কাহিনীটোলৈ মনত পেলাবছোন।চাব আপোনাৰ প্ৰত্যাহ্বানটোৰ মুখামুখি হ’বলৈ মনত অদ্যম সাহস আহিব।

     ফ্ৰান্সৰ এখন সৰু চহৰত এজন সৈনিকৰ পুত্ৰ ৰূপে জন্ম লোৱা ৫ ফুটিয়া চুটি চাপৰ যোদ্ধাজন এদিন ফ্ৰান্সৰ সম্ৰাট হৈছিল।সম্ৰাট হ’ব পাৰিছিল একমাত্ৰ কাহানীও হাৰ মানিব নোখোজা মনটোৰ বাবেই।জীৱনত যেনেকুৱাই প্ৰত্যাহ্বান আহিলেও পিছলৈ খোজ নিদি মৰিবলৈও ভয় নকৰি মোকাবিলা কৰা নেপ’লিয়নে সদায় দুসাহসিক কামবোৰতে নিজক নিয়োগ কৰিছিল।তেনে এক মৃত্যুৰ কোলাত জীৱন থৈ পৃথিৱীত কোনেও কৰিবলৈ মৰসাহ নকৰা এক কাম কৰি দেখাইছিল নেপ’লিয়নে।সেইয়া আছিল ইউৰোপৰ  আকাশক চুম্বন কৰি থকা ভয়ংকৰ পৰ্বত আলপছ পাহাৰ খন পাৰ হৈ যুদ্ধ কৰিবলৈ যোৱা।আলপছ ইউৰোপৰ এনে এখন পাহাৰ যিখন আচলতে কোনেও পাৰ হ’ব নোৱাৰে।যিয়ে এই পাহাৰ খন পাৰ হ’বলৈ যায় তাৰ মৃত্যু নিশ্চিত।গগণচুম্বি বৰফেৰে আৱৰা পাহাৰ খনত কেতিয়াবা কোনোবা গলেও আধা বাটতে ধুমুহা বতাহতে পাহাৰৰ বুকুতে মৃত্যুক আকোৱালী লয়।কিন্তু সেইবাৰ এখন যুদ্ধৰ বাবে লগত এদল বিশাল সেনা লৈ নেপ’লিয়ন আগবাঢ়ে আলপছ পৰ্বত পাৰ হ’বলৈ।পাহাৰ খন পাবলৈ ভালেমান বাট বাকী থাকোতে এগৰাকী বৃদ্ধাৰ মুখামুখি হয় নেপ’লিয়ন।বাট ভেটি বৃদ্ধা গৰাকীয়ে সোধাত গম পায় যে নেপ’লিয়ন সৈন্য লৈ আলপছ পাহাৰ খন পাৰ হ’বলৈ আহিছে।তেনেতে বৃদ্ধা গৰাকীয়ে বাধা দি ক’লে

-“ইয়াত কিয় মৰিবলৈ আহিছা?ইয়ালৈ যিয়েই আহিছে সি কেতিয়াও উভতি যোৱা নাই।যোৱা উভতি যোৱা”

    বৃদ্ধা গৰাকীৰ কথা শুনি নেপ’লিয়নে ভয় খোৱাৰ পৰিৰ্ৱতে সাহস হে পালে।তাৰ পিছত নেপ’লিয়নে ডিঙিৰ পৰা সোণৰ হাৰ এডাল উলিয়াই বৃদ্ধা গৰাকীক দি ক’লে-

  “আপোনাৰ কথা শুনি মোৰ আত্মবিশ্বাস বাঢ়িল হে।তাৰ বাবে ধন্যবাদ।এইদাল সোণৰ হাৰ লওক আৰু যদি মই এই পাহাৰ খন পাৰ উভতি আহিব পাৰো তেনেহ’লে আপুনি এই কথা সকলোকে ক’ব।আৰু লগতে মোৰ জয় গানো গাব।”

      এই বুলি নেপ’লিয়নে বৃদ্ধা গৰাকীৰ পৰা বিদায় লৈ পুনৰ আগবাঢ়িল।গৈ গৈ এখন পাহাৰৰ ওচৰত তেঁও সৈন্য সকল ৰ’ল।এতিয়া সৈনিক সকল আগবাঢ়িব নোখোজা হ’ল প্ৰাণৰ ভয়ত।কিয়নো তেঁওলোকেও জানে যে আলপছ পাহাৰ খন ইমান ভয়ংকৰ যে পাৰ হ’বলৈ চেষ্টা কৰিলে তেঁওলোকৰো মৃত্যু নিশ্চিত।গতিকে তেঁওলোক যে যাব নোৱাৰে সেই কথা নেপ’লিয়নক জনালে।তেতিয়া নেপ’লিয়নে কলেঃ-

“তোমালোকে আলপছ পাহাৰ খনৰ কথা শুনিছা,কিন্তু কেতিয়াবা পাহাৰ খন দেখিছা নে?”

     সৈন্যবোৰে একে মুখে ক’লে”নাই,আমি কাহানীও দেখা নাই আলপছ পাহাৰ খন।”

      তেনেতে নেপ’লিয়নে ক’লে”তেনেহ’লে ব’লা।যেতিয়া আলপছ পাহাৰ খন পামগৈ তেতিয়া মই কৈ দিম।আৰু তেতিয়া তোমালোকে সিদ্ধান্ত ল’বা যে আগবাঢ়িবা নে নাবাঢ়া?”

      নেপ’লিয়নৰ কথাত মান্তি হৈ সেনা সকল আগবাঢ়িল।প্ৰায় ৩ দিন মান ভ্ৰমণ কৰি সেনা সকল এখন বিশাল আকাৰ পাহাৰ পালেগৈ।তেনেতে সৈনিক বোৰে নেপ’লিয়নক সুধিলে “এইখনে নেকি আপলছ পৰ্বত?”

      নেপ’লিয়নে কলে “নহয়।এইখনটো সৰু পাহাৰ।এইখন পাৰ হৈ ইয়াতকৈও বহু গুণে ডাঙৰ এখন পাহাৰ পাবা।সেইখনে আলপছ পাহাৰ।গৈ থাকা।পালেই মই কৈ দিম”

  বহু কষ্ট,ধুমুহা বতাহৰ মাজেৰে পাহাৰখন অতিক্ৰম কৰি নেপ’লিয়ন আহি এখন মুকলি পথাৰ পালেহি।সৈন্য সকল ৰৈ নেপ’লিয়নক সুধিলে আৰু কিমান বাট আছে?

    তেতিয়া নেপ’লিয়নে হাঁহি এটা ক’লেঃ- “তোমালোকে কোন আলপছ পাহাৰৰ কথা কৈছা?আলপছ পাহাৰটো আমি কাহানীবাই বগাই পাৰ হৈ আহিলো”

    নেপ’লিয়নৰ কথা শুনি সেনা সকল হতবাক।তেঁওলোকৰ বিশ্বাসে হোৱা নাছিল যে যিখন পাহাৰক বগাই আজি লৈকে কোনেও জয় কৰিব পৰা নাই সেইখন পাহাৰ তেঁওলোকে বগাই জয় কৰি আহিলে।অথচ গমেই নাপালে।        আমাৰ জীৱনলৈ অহা প্ৰত্যাহ্বানবোৰো যদি আমি নেপ’লিয়নৰ দৰে লও তেনেহলে আমি কেতিয়াও পৰাজয় নহও।বহু সময়ত আমি অলপ সাহসৰ অভাৱত বহু প্ৰত্যাহ্বানৰ মুখামুখি হ’ব নোৱাৰি পৰাজয়ৰ তিক্ত সোৱাদ পাও।কিন্তু অলপ সাহস গোটাই যদি সমস্যাটোৰ সন্মুখত থিয় দিও তেনেহ’লে সমস্যাটোৱেও ক’ব যে তুমি সমস্যাটোৰ বাবে এটা সমস্যা।

Recent Posts

Follow Better & Brighter