Select Page

আইফোনৰ CEO ‘ ষ্টীভ জবছে কিয় সন্তানক ১৬ বছৰলৈ আইফোন চুবলৈকে দিয়া নাছিল?

আইফোনৰ CEO ‘ ষ্টীভ জবছে কিয় সন্তানক ১৬ বছৰলৈ আইফোন চুবলৈকে দিয়া নাছিল?

যিসকল লোকে কম বয়সতে নিজৰ সন্তানক মৰমতে ম’বাইল ফোন দিয়ে সেইসকললৈ লেখা টুকুৰা।আইফোনৰ CEO ‘ ষ্টীভ জবছে নিজৰ সন্তানক ১৬ বছৰ মানলৈকে আইফোন চুবলৈকে দিয়া নাছিল।অথচ তেঁওৱে বনাইছিল এপল ফোন।এদিন ষ্টীভ জবছে তেঁওৰ বন্ধু নিক বিলন্টক নিশা ডিনাৰলৈ নিমন্ত্ৰণ জনাইছিল।ডাইনিং টেবুলত বহি খাদ্য গ্ৰহণ কৰি থাকোতে নিকে ষ্টীভক এনেই সুধিছিলঃ-“ষ্টীভ আপোনাৰ লৰা ছোৱালীয়ে কোনটো আই ফোন ব্যৱহাৰ কৰে?”

      যি জন ব্যক্তিয়ে ইমান এটা ডাঙৰ তথা মূল্যবান বস্তু আৱিস্কাৰ কৰি বিশ্ববাসীক দিলে সেইজনৰ সন্তানে নিশ্চয় দেউতাকে আৱিস্কাৰ কৰা বস্তুটোৰ আটাইতকৈ ভালৰ ভালটোৱে ব্যৱহাৰ কৰিব বুলি ধাৰণা হৈছিল নিক বিলটনৰ।নিকৰ প্ৰশ্ন শুনি ষ্টীভে হাঁহি এটা মাৰি কলেঃ-“নিক তুমি নিজেই সুধি লোৱাচোন সিহঁতক!”
       একে খন ডাইনিংতে কাষত খাই আছিল ষ্টীভ জবছৰ লৰা ছোৱালী কেইটাও।ষ্টীভ জবছৰ কথা শুনি নিকে তেঁওৰ লৰা ছোৱালী কেইটাক সুধিলে কোনটো আইফোন ব্যৱহাৰ কৰে বুলি?কিন্তু সিঁহতি মুখেৰে একো নামাতি তল মূৰ কৰি খাইহে থাকিল।নিকে আকৌ সুধিলে ষ্টীভ জ’বছক।তেতিয়া ষ্টীভে কৈছিলঃ-“আজিলৈকে মোৰ সন্তানে আইফোন,আইপেড হাতেৰে চুই য়ে পোৱা নাই।”
      অথচ সিহঁতৰ বয়স হৈছিল গৈ প্ৰায় ১৪ তকৈও বেছি।ষ্টীভৰ কথা শুনি হঠাৎ নিকৰ হাতৰ পৰা মুখলৈ খাদ্য নিয়া চামুছ খন সৰি পৰিলে আৰু আচৰিত হৈ ‘কি কোৱা ষ্টীভ?’ বুলি সুধিলে?
       তেতিয়া ষ্টীভে কৈছিল এইবুলিঃ-“নিক মই এইটো নিজেই বনাইছো।মই জানো ইয়াৰ শক্তি কি?যেতিয়ালৈকে ইহত জনা বুজা নহয় তেতিয়ালৈকে ইয়াৰ পৰা সিঁহতৰ পঢ়া শুনা বেয়া হ’ব,চৰিত্ৰ বেয়া হ’ব,ভৱিষ্যৎ ধ্বংস হ’ব।এনে নহয় যে মই সিহঁতক নিদিমে।মই বিচাৰো সিঁহতে এইটো বুজি পোৱা হৈ উঠক।আমাৰ ইচ্ছা,যেতিয়া ইহতৰ বুজি পোৱা বয়স হ’ব অৰ্থ্যাৎ ১৮-১৯ বছৰ হ’ব তেতিয়া মই নিজে সিহতক দিম।”

        মেছিৰ্অত বয়স নোহোৱা লৈকে এপলৰ মালিক ষ্টীভ জ’বছৰ সন্তানে আইফোন ব্যৱহাৰ কৰি নাপালে।আইফোন,আইপেড নহয় এটা সাধাৰণ ফোন ব্যৱহাৰ কৰিলে।কিন্তু আজি কালি আমাৰ লৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰিলে মাক বাপেকে আনন্দত ভালৰো ভাল ফোনটো উপহাৰ দিব।এনে বহু আছে যি ধাৰ-ঋণ কৰি হলেও মেট্ৰিক পাছ কৰা পিছত সন্তানক ফোন লৈ দিয়ে।নিদিব বুলি আমি নকও।দিয়ক,কিন্তু তাক ব্যৱহাৰ কেনেকৈ কৰে তাৰ ওপৰত চকু দিব।

Recent Posts

Follow Better & Brighter